/asomiyapratidin/media/media_files/2025/06/12/UM9UP7Y7Wb1ShOJ7blPP.jpg)
ডিজিটেল ডেস্কঃ আহমেদাবাদৰ এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ পিছতে অসামৰিক বিমান পৰিবহণ সংস্থাটোৱে এক বিবৃতি জাৰি কৰিছে। এই বিবৃতিত AI171 নম্বৰৰ এয়াৰ ইণ্ডিয়াৰ বিমানখনে টেক অফ কৰাৰ পিছতে দুৰ্ঘটনাত পতিত হোৱাটো নিশ্চিত কৰিছে।
CISF conducts rescue operations at the AI 171 crash site, Ahmedabad
— ANI (@ANI) June 12, 2025
Photo source: Central Industrial Security Force (CISF) pic.twitter.com/vEhdpx5VgS
বিবৃতিত এয়াৰ ইণ্ডিয়াই জনাইছে অভিশপ্ত বিমানখনে দিনৰ ১ বাজি ৩৮ মিনিটত যাত্ৰা আৰম্ভ কৰিছিল। দুজন পাইলট, ১০ গৰাকী কেবিন ক্ৰুসহ আছিল ২৪২ জন লোকক কঢ়িয়াই নিছিল বয়িং ৭৮৭-৮ এয়াৰক্ৰাফ্টখনে।
ঘটনাৰ পিছতে এয়াৰ ইণ্ডিয়াই হটলাইন নম্বৰ ১৮০০ ৫৬৯১ ৪৪৪ মুকলি কৰিছে।এই নম্বৰ অৱশ্যে যাত্ৰীসকলৰ আত্মীয়ৰ সুবিধাৰ বাবেহেল মুকলি কৰা হৈছে। এই নম্বৰত সংবাদ মাধ্যমৰ লোকক ফোন কৰাৰ পৰা অনুগ্ৰহ কৰি বিৰত থাকিবলৈয়ো আহ্বান জনাইছে সংস্থাটোৱে।
দুৰ্ঘটনাৰ কিছু সময়ৰ পিছতে এয়াৰ ইণ্ডিয়াৰ অফিচিয়েল এক্স হেণ্ডেলৰ জৰিয়তে জাৰি কৰা এই বিবৃতিত সংস্থাটোৱে এই দুৰ্ঘটনা সন্দৰ্ভত তদন্তৰ বাবে কৰ্তৃপক্ষৰ সৈতে সম্পূৰ্ণ সহযোগিতা কৰিব বুলিও স্পষ্ট কৰিছে এয়াৰ ইণ্ডিয়াই।
আনহাতে ব্ৰিটেইন চৰকাৰেও আহমেদাবাৰ বিমান দুৰ্ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এক্স হেণ্ডেলৰ এটা পোষ্টৰ জৰিয়তে তেওঁলোকে কয়, আহমেদাবাদত বিমান দুৰ্ঘটনা সংঘটিত হোৱাৰ কথা আমি অৱগত। ব্ৰিটেইনে ভাৰতৰ স্থানীয় কৰ্তৃপক্ষৰ সৈতে মিলি তথ্যসমূহ জৰুৰীভাৱে উদ্ধাৰ কৰাৰ লগতে জড়িতসকলক সহায় আগবঢ়াইছে। যিসকল ব্ৰিটিছ নাগৰিকৰ কনছুলাৰৰ সহায়ৰ প্ৰয়োজন হয় বা বন্ধু বা আত্মীয়ক লৈ চিন্তিত তেওঁলোকে ব্ৰিটেইন চৰকাৰলৈ ০২০ ৭০০৮ ৫০০০ নম্বৰত যোগাযোগ কৰিব পাৰিব।
We are aware of a plane crash in Ahmedabad. The UK is working with local authorities in India to urgently establish the facts and provide support to those involved. British nationals who require consular assistance or have concerns about friends or family should call 020 7008… pic.twitter.com/x2RLCTotDg
— ANI (@ANI) June 12, 2025
Air India confirms that flight AI171, from Ahmedabad to London Gatwick, was involved in an accident today after take-off.
— Air India (@airindia) June 12, 2025
The flight, which departed from Ahmedabad at 1338 hrs, was carrying 242 passengers and crew members on board the Boeing 787-8 aircraft. Of these, 169 are…