ওৱেইছিয়ে দিলে বাৰ্তাঃ বিদেশী শক্তিক ভাৰতৰ শান্তি আৰু ঐক্য দুৰ্বল কৰিবলৈ নিদিওঁ

বৃহস্পতিবাৰে আহ্বান জনোৱাৰ দৰেই শুকুৰবাৰে জুম্মাৰ নামাজৰ পূৰ্বে হায়দৰাবাদত ইছলামধৰ্মীয় লোকৰ মাজত ক’লা বেজ বিতৰণ কৰা দেখা গ'ল AIMIM ৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিক।

author-image
Asomiya Pratidin
New Update
ওৱেইছিয়ে দিলে বাৰ্তাঃ বিদেশী শক্তিক ভাৰতৰ শান্তি আৰু ঐক্য দুৰ্বল কৰিবলৈ নিদিওঁ

ডিজিটেল ডেস্কঃ শুকুৰবাৰে জুম্মাৰ নামাজৰ পূৰ্বে হায়দৰাবাদত ইছলামধৰ্মীয় লোকৰ মাজত ক’লা বেজ বিতৰণ কৰা দেখা গল AIMIM ৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিক। মঙলগাৰে পেহেলগামত ধৰ্মীয় পৰিচয় বিচাৰি বিচাৰি হিন্দু ধৰ্মীয় লোকক সন্ত্ৰাসবাদীয়ে হত্যা কৰা ঘটনাক নিন্দা কৰি, এই আক্ৰমণক গৰিহনা দি এইদৰে সম্প্ৰীতিৰ এক বাৰ্তা প্ৰেৰণ চেষ্টা কৰা দেখা গ'ল ওৱেইছিক। 

উল্লেখ্য যে, পেহেলগাম আক্ৰমণৰ পাছতে ওৱেইছিয়ে এই আক্ৰমণক নিন্দা কৰি প্ৰতিবাদ কৰিছিল। তেওঁ কঠোৰ ভাষাৰে সন্ত্ৰাসবাদী আক্ৰমণক প্ৰতিহত কৰাৰো দাবী উত্থাপন কৰিছিল। আক্ৰমণকাৰীক কঠোৰ ভাষাৰে সমালোচনা কৰি বৃহস্পতিবাৰে তেওঁ সমগ্ৰে দেশৰ মুছলামন লোকসকললৈ আহ্বান জনাই কৈছিল শুকুৰবাৰে জুম্মাৰ নামাজলৈ যোৱাৰ সময়ত সকলোৱে হাতত ক’লা বেণ্ড পৰিধান কৰিবলৈ।

সেই মতেই আজি তেওঁ নিজে হাতত ক’লা বেণ্ড পৰিধান কৰাৰ লগতে সাধাৰাণ ৰাইজৰ মাজতো ক’লা বেণ্ড বিতৰণ কৰা দেখা গৈছে। বৃহস্পতিবাৰে এক ভিডিঅ’ বাৰ্তাত তেওঁ কৈছিল, "আপোনালোক সকলোৱে জানে যে পাকিস্তানৰ লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদীয়ে পেহেলগামত ২৬ জন পৰ্যটকৰ প্ৰাণ কাঢ়ি লৈছে। এই সন্ত্ৰাস আৰু অপৰাধৰ কাৰ্যক গৰিহণা দি কাইলৈ যেতিয়া আপুনি নামাজলৈ যাব, তেতিয়া অনুগ্ৰহ কৰি বাহুত ক'লা বেণ্ড পিন্ধিব।এই কাম কৰি আমি এটা বাৰ্তা প্ৰেৰণ কৰিম যে আমি ভাৰতীয়সকলে বিদেশী শক্তিক ভাৰতৰ শান্তি আৰু ঐক্য দুৰ্বল কৰিবলৈ নিদিওঁ।"

সীমান্ত অতিক্ৰম কৰা সন্ত্ৰাসবাদীয়ে পেহেলগামত কৰা এই জঘন্য আক্ৰমণৰ পিছতে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কেইবাটাও লক্ষ্যণীয় ব্যৱস্থা গ্ৰহণ কৰিছে। বন্ধ কৰি দিয়া হৈছে আটাৰী-ৱাগাহ সীমান্ত। বাতিল কৰা হৈছে সিন্ধু জল চুক্তি। ভাৰতত থকা সকলো পাকিস্তানী নাগৰিকক ৪৮ ঘণ্টাৰ ভিতৰত ভাৰত এৰি যাবলৈ কোৱা হৈছে। তাৰোপৰি ভাৰতস্থিত পাকিস্তানী দূতাবাসৰ সকলো প্ৰতিৰক্ষা কৰ্মচাৰীকে স্বদেশলৈ ঘূৰি যাবলৈও কোৱা হৈছে। 

সন্ত্ৰাসবাদী আক্ৰমণ জম্মু কাশ্মীৰ হায়দৰাবাদ