এই ঘটনাৰ ঠিক ৪৮ ঘণ্টাৰ পাছতে মাওবাদীয়ে প্ৰতিশোধমূলকভাৱে এই আই ই ডি বিস্ফোৰণ কৰিছে বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে দাবী কৰিছে। মন কৰিবলগীয়া যে, এই ঘটনা এনে এক সময়ত সংঘটিত হৈছে যিসময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ছত্তিশগড়ত মাওবাদীক নিয়ন্ত্ৰণ কৰাত সফল হৈছে বুলি উল্লেখ কৰি ৰাজহুৱাকৈ প্ৰশংসা কৰিছিল। তাৰোপৰি ২০২৫ ত ছত্তিশগড়ক মাওবাদী মুক্ত কৰাৰ কথাও ঘোষণা কৰিছিল।
Chhattisgarh | Nine people - eight Dantewada DRG jawans and one driver, lost their lives after their vehicle was blown up by naxals through an IED blast, in Bijapur. They were returning after a joint operation of Dantewada, Narayanpur and Bijapur: IG Bastar pic.twitter.com/hqsDHnr8XT
— ANI (@ANI) January 6, 2025
আনহাতে এই বিস্ফোৰণ সন্দৰ্ভত ছত্তিশগড় বিধানসভাৰ অধ্যক্ষ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী ড০ ৰমন সিঙে কয়, "যেতিয়াই তেওঁলোকৰ বিৰুদ্ধে ডাঙৰ অভিযান হয়, তেতিয়াই নক্সালবাদীসকল কাপুৰুষোচিত আক্ৰমণলৈ নামি আহে। এই আক্ৰমণত প্ৰাণ হেৰুওৱা জোৱানসকলৰ পৰিয়াললৈ মই সমবেদনা জ্ঞাপন কৰিছো।
#WATCH | Chhattisgarh: On Bijapur IED blast, Chhattisgarh Assembly Speaker & former CM, Dr Raman Singh says, " Whenever big operations happen against them, these Naxalites come down to cowardly attack...I express my condolences to the families of the jawans who lost their lives… pic.twitter.com/ostGm1kvtu
— ANI (@ANI) January 6, 2025