ধৰ্মীয় অনুষ্ঠানত ভাগ ল'বলৈ গৈ ৬ জনে হেৰুৱালে প্ৰাণঃ ৭৫ জন আহত, ৮ জনৰ অৱস্থা সংকটজনক

গোৱাৰ শিৰগাঁৱৰ শ্ৰী লেৰাই দেৱী মন্দিৰত অনুষ্ঠিত এক ধৰ্মীয় অনুষ্ঠানত প্ৰায় ৬ জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে ৭৫ জনকৈ লোক আহত হোৱাৰ এক ঘটনা সংঘটিত হৈছে।

author-image
Tushar Pratim
New Update
গোৱাত ধৰ্মীয় অনুষ্ঠানত ভাগ লবলৈ গৈ ৬ জনে হেৰুৱালে প্ৰাণঃ ৭৫ জন আহত, ৮ জনৰ অৱস্থা সংকটজনক

ডিজিটেল ডেস্কঃ গোৱাৰ শিৰগাঁৱৰ শ্ৰী লেৰাই দেৱী মন্দিৰত অনুষ্ঠিত এক ধৰ্মীয় অনুষ্ঠানত প্ৰায় ৬ জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে ৭৫ জনকৈ লোক আহত হোৱাৰ এক ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে শনিবাৰে পুৱা প্ৰায় ৩ বজাত সংঘটিত হৈছে এই ঘটনা।

Advertisment

খবৰ অনুসৰি উত্তৰ গোৱাৰ শিকৰগাঁৱত থকা শ্ৰী লেৰাই দেৱী মন্দিৰত অনুষ্ঠিত এক বাৰ্ষিক ধৰ্মীয় অনুষ্ঠানত এই ঘটনা সংঘটিত হৈছে।ঘটনাৰ পাছতে আহতলোকসকলক গোৱা চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে এই ধৰ্মীয় অনুষ্ঠানত ভাগ ল’বললৈ গোৱাৰ স্থানীয় লোকৰ উপৰকিও মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ হাজাৰ হাজাৰ ভক্তৰো সমাগম হৈছিল। মন্দিৰলৈ আগমণ ঘটা হাজাৰ হাজাৰ ভক্তই সৰু সৰু পথবোৰত ভিৰ কৰাত এক হুলস্থুলীয়া পৰিবেশৰ সূচনা হয় আৰু এই শোকাবহ ঘটনা সংঘটিত হয়। 

আৰক্ষী সঞ্চালক প্ৰধান আলোক কুমাৰে সংবাদ মাধ্যমৰ এই ঘটনা সন্দৰ্ভত কয়, আহতসকলৰ চিকিৎসা চলি আছে আৰু ৬ জন মৃতকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। তেওঁ জনোৱা মতে মন্দিত ৩০ ৰ পৰা ৪০ হাজাৰ ভক্তৰ সমাবেশ হৈথিল। তাৰে কিছুমানে ঠাইৰ অভাবত এঢলীয়া স্থানত থিয় হৈ আছিল।

এই এঢলীয়া স্থানৰ পৰা একাংশ লোক ঢলি পৰাত এজন আন এজনৰ ওপৰত পৰি এক হুলস্থুলীয়া পৰিবেশৰ সূচনা হয়। ইফালে আহতসকলৰ স্বাস্থ্যৰ বুজ লবলৈ গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত হাস্পতালত গৈ উপস্থিত হৈছে।

তেওঁ এই সন্দৰ্ভত এক্সত এটা পোষ্টত কয়, আজি পুৱা শিৰগাঁৱৰ লেৰাই ‘যাত্ৰা’ৰ সময়ত সংঘটিত হোৱা পদপিষ্টৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছো। চিকিৎসালয়ত আহতসকলক সাক্ষাৎ কৰি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস দিলোঁ। মই ব্যক্তিগতভাৱে পৰিস্থিতি নিৰীক্ষণ কৰিছো যাতে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়।"

তেওঁ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও ঘটনাৰ সন্দৰ্ভত তেওঁৰ সৈতে কথা পাতি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সকলো ধৰণৰ সহায়ৰ প্ৰতিশ্ৰুতি দিয়া বুলিও জনাইছে। গোৱাৰ স্বাস্থ্যমন্ত্ৰী বিশ্বজিৎ ৰাণেই আকৌ সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা মতে আহত ৭৫ জনৰ ভিতৰত ৮ জনৰ অৱস্থা সংকটজনক। নিহত ৬ গৰাকী ভক্তৰ ভিতৰত আছে দুগৰাকী মহিলাও। 

গোৱা