ৰাষ্ট্ৰীয়
ভয়াৱহ বান! হঠাৎ নদীৰ বাঢ়নী পানীয়ে উটুৱাই নিলে ১৮জনকৈ লোকক…
- উত্তৰাখণ্ডত বানৰ তাণ্ডৱ।
- ৰাজ্যখনৰ উত্তকাশী জিলাত হঠাৎ এখন নদীৰ পানীয়ে উটুৱাই নিলে বহু কেইজন লোকক।
- ট'নছ নামৰ নদীখনৰ বাঢ়নী পানীত উটি গ'ল ২০টা বাসগৃহ আৰু ১৮জনকৈ লোক।
- উল্লেখ্য যে, এই নদীখনৰ পানীৰ ফলত আগন্তুক ২৪ ঘণ্টাত হাৰিয়ানা আৰু দিল্লীত যমুনা নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ আংশকা।
- এন ডি আৰ এফ বাহিনীয়ে ইতিমধ্যে লোক কেইজনক উদ্ধাৰৰ বাবে আৰম্ভ কৰিছে অভিযান।
- উল্লেখ্য যে, ধাৰাসাৰ বৃষ্টিপাতৰ ফলত ট'নছৰ লগতে উত্তৰাখণ্ডৰ আনবোৰ নদী-উপনদীতো বৃদ্ধি পাইছে জলপৃষ্ঠ।