ফটকাৰ কাৰখানাত বিস্ফোৰণঃ ১৮ গৰাকী শ্ৰমিকৰ মৃত্যু...

গুজৰাটৰ এটা ফটকা কাৰখানাত পুৱা সংঘটিত হোৱা বিস্ফোৰণৰ ফলত অতি কমেও ১৮ জন শ্ৰমিকৰ মৃত্যুৰ আশংকা কৰা হৈছে। এতিয়াও ধ্বংসাৱশেষৰ মাজত শ্ৰমিক আবদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে।

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
ফটকাৰ কাৰখানাত বিস্ফোৰণঃ ১৮ গৰাকী শ্ৰমিকৰ মৃত্যু...

ডিজিটেল ডেস্কঃ গুজৰাটৰ এটা ফটকা কাৰখানাত আজি পুৱা সংঘটিত হোৱা বিস্ফোৰণৰ ফলত অতি কমেও ১৮ জন শ্ৰমিকৰ মৃত্যুৰ আশংকা কৰা হৈছে। এতিয়াও ধ্বংসাৱশেষৰ মাজত বহু শ্ৰমিক আবদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে।

Advertisment

ঘটনাৰ প্ৰাথমিক তদন্তত মৃত শ্ৰমিকৰ সংখ্যা ৭ জন বুলি তথ্য পোহৰলৈ আহিছিল যদিও পাছত এই সংখ্যা ১৩ জনলৈ বৃদ্ধি হয় বুলি আৰক্ষী সূত্ৰত খবৰ প্ৰকাশিত হয়। কিন্তু অতি শেহতীয়া তথ্য অনুসৰি এই বিস্ফোৰণত নিহতৰ সংখ্যা ১৮ জনলৈ বৃদ্ধি পাইছে।

আনকি মৃতকৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰহে আশংকা কৰা হৈছে। ঘটনাস্থলীৰ পৰা ৫ জন আহত লোকক উদ্ধাৰকাৰীয়ে উদ্ধাৰ কৰিছে বুলি পি টি আইৰ বাতৰিত প্ৰকাশ।

উল্লেখ্য যে, গুজৰাটৰ বানাশংকঠা জিলাৰ দিছাৰত থকা এটা ফটকা কাৰখানাত আজি হঠাৎ বিস্ফোৰণ ঘংঘটিত হয়। পাছত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লগতে উদ্ধাৰকাৰীৰ এটা বৃহৎ দল উপস্থিত হয়।

তাৰ পাছতে আৰক্ষী আৰু জৰুৰীকালীন সেৱাৰ দলে উদ্ধাৰকাৰীৰ সৈতে উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তোলে আৰু এই পৰ্যন্ত ১৮ জনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। জানিব পৰা মতে এতিয়াও অব্যাহত আছে উদ্ধাৰ অভিযান।

স্মৰ্তব্য, মঙলবাৰে পুৱা প্ৰায় ৯-৪৫ বজাত সংঘটিত হৈছিল এই বিস্ফোৰণ। এই বিস্ফোৰণৰ ফলত ফটকা কাৰখানাৰ কাষতে থকা শ্ৰমিকৰ আৱাসগৃহটোও ক্ষতিগ্ৰস্ত হৈছে। এই আৱাসগৃহৰ এটা অংশ বিস্ফোৰণৰ ফলত ভাঙি পৰে। ফলত এই ধ্বংসাৱশেষৰ মাজতো বহু কেইজন ব্যক্তি আৱদ্ধ হৈ পৰাৰ আশাংকা কৰা হৈছে।

বিস্ফোৰণ গুজৰাট