/asomiyapratidin/media/media_files/2025/03/04/JkXO7zOnrg8FbHlj3QEN.png)
ডিজিটেল ডেস্কঃ অসুস্থ দেহক সুস্থ কৰিবলৈ ফাৰ্মাচীৰ পৰা যিবোৰ ঔষধ আনি সাধাৰণ লোকে সেৱন কৰিছে অথবা চিকিৎসকৰ পৰামৰ্শ অনুসৰিয়েই ৰোগ নিৰাময়ৰ বাবে যিবোৰ ঔষধ সাধাৰণ নাগৰিকে সেৱন কৰিছে সেই ঔষধ মানৱ শৰীৰ বাবে কিমান উপযোগী সেয়া এবাৰলৈ ভাবি চাইছেনে? চিকিৎসকৰ মৰামৰ্শ মতেই অন্ধভাৱে সাধাৰণ নাগৰিকে ৰোগ নিৰাময়ৰ বাবে ঔষধ সেৱন কৰা ৰোগীয়ে সেই ঔষধৰ গুণগত মানদণ্ড সন্দৰ্ভত হয়তো বিবেচনা নকৰে।
সাধাৰণ জ্বৰ হ'লেই ফাৰ্মাচীৰ পৰা লৈ অনা পেৰাচিটামলে ব্যৱহাৰৰ উপযোগী হয়নে নহয় সেয়া এবাৰলৈ ভাবিছেনে? গেছ, বিষ আদিৰ পৰা পৰিত্ৰাণ পাবলৈ ব্যৱহাৰ কৰা ঔষধো যে আপোনাৰ শৰীৰৰ বাবে অনুপযোগী সেয়া ভাবিছেনে? এইসমূহ ঔষধ ৰোগ নিৰাময়ৰ বাবে চিকিৎসকেই আপোনাৰ সেৱন কৰিবলৈ অনুমতি দিছে যদিও এইসমূহ কিন্তু মানৱ শৰীৰৰ বাবে উপযোগী নহয়।
সাধাৰণ ৰোগ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা ঔষধৰ পৰা আৰম্ভ কৰি জীৱনদায়িনী এনে বহু ঔষধ বজাৰত উপলব্ধ হৈ আছে যাৰ গুণগত মানদণ্ড পুনৰ এবাৰ অতি নিম্ন মানৰ বুলি প্ৰকাশ পাইছে। প্ৰতিবেদনে স্পষ্ট কৰিছে বজাৰত উপলব্ধ জীৱন দায়িনী ঔষধেই মানৱ শৰীৰৰ বাবে বিষৰ দৰে হৈ পৰিছে।
কেন্দ্ৰীয় ঔষধ নিয়ন্ত্ৰক সংস্থা চি ডি এছ চিৰ পৰীক্ষাত বজাৰত উপলব্ধ ১৪৫ বিধ ঔষধেই ব্যৱহাৰৰ বাবে অনুপযোগী বুলি ধৰা পৰিছে। এই ১৪৫ বিধ ঔষধৰ ভিতৰত আছে পেৰাচিটামল, এমোক্সিলিন, নৰফ্লক্সাছিন, ছেট্ৰিজিন, পেণ্ট’প্ৰাজল আদিৰ দৰে বহুল ব্যৱহৃত একাধিক ঔষধ।
সন্দেহৰ আৱৰ্তত সোমাই পৰা এই ১৪৫ বিধ ঔষধৰ ভিতৰত আছে পশ্চিমবংগ ফাৰ্মাচিউটিকেলছৰ ৰিঙ্গাৰ্ছ লেকটেটৰ ১৬ টা ঔষধ। এই ঔষধসমূহ জীবানুমুক্ত নহয় বুলি কৰ্ণাটকৰ ৰাজ্যিক পৰীক্ষাগাৰত প্ৰমাণিত হৈছে। যোৱা জানুৱাৰী মাহত চি ডি এছ চি অ’ ৰ পৰীক্ষাত ৯২ বিধ ঔষধ বিভিন্ন ৰাজ্যৰ লেবেৰটৰীত আৰু ৫২ বিধ ঔষধ কেন্দ্ৰীয় পৰীক্ষাগাৰত ব্যৱহাৰৰ বাবে অনুপযুক্ত বুলি চিহ্নিত হৈছে। ইয়াৰ জৰিয়তে এই কথা স্পষ্ট হৈছে, ঔষধৰ নামত সাধাৰণ নাগৰিকৰ জীৱনৰ সৈতে কিদৰে হেতালি খেলি থকা হৈছে।
উল্লেখ্য যে, ২০২৩ চনৰ ছেপ্তেম্বৰ মাহত চি ডি এছ চি অ’ৰ পৰীক্ষাত ৫৩ টা ঔষধ ব্যর্থ হৈছিল। সেই তালিকাত পেৰাছিটামলৰ লগতে ক্লেভাম ৬২৫, পেন্ট'-ডি, কেলচিয়াম আৰু ভিটামিন ডি থ্ৰি ছাপ্লিমেণ্ট, ডায়েবেটিছ আৰু ৰক্তচাপ নিয়ন্ত্ৰণৰ ঔষধো আছিল।
এইধৰণৰ ঘটনা নিয়মিত ভাবেই পৰিলক্ষিত হোৱাত জনসাধাৰণৰ স্বাস্থ্য সুৰক্ষা সুনিশ্চিত কৰিবলৈ চৰকাৰ আৰু ঔষধ সংস্থাসমূহে অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিব বুলি বিশেষজ্ঞসকলে মন্তব্য কৰিছে।