শীতল ভঁৰালৰ চাদ খহি ১৪ জনৰ মৃত্যুঃ আলুৰ বেগৰ মাজত এতিয়াও সন্ধানহীন ৩ জন...

শীতল ভঁৰালৰ চাদ খহি ১৪ জনৰ মৃত্যুঃ আলুৰ বেগৰ মাজত এতিয়াও সন্ধানহীন ৩ জন...

author-image
Asomiya Pratidin
New Update
শীতল ভঁৰালৰ চাদ খহি ১৪ জনৰ মৃত্যুঃ আলুৰ বেগৰ মাজত এতিয়াও সন্ধানহীন ৩ জন...

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ সম্ভালত সংঘটিত হোৱা শীতল ভঁৰাল দুৰ্ঘটনাৰ ধ্বংসাৱশেষৰ পৰা ২৫ গৰাকী লোকক উলিয়াই অনা হৈছে। এই ২৫ জন লোকৰ ভিতৰত ১৪ জনেই প্ৰাণ ত্যাগ কৰিছে।

আনহাতে আন ১১ জনক মোৰাদাবাদ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ইয়াৰে ৭ জনক আকৌ স্বগৃহলৈ যাবলৈ অনুমতি প্ৰদান কৰা হৈছে। উল্লেখ্য যে, বৃহস্পতিবাৰে সম্ভালৰ এটা শীতল ভঁৰালৰ ১০০ ফুট দীঘল চালখন খহি পৰাৰ বাবেই এই দুৰ্ঘটনাৰ সৃষ্টি হৈছিল।

এতিয়াও ধ্বংসাৱশেষৰ মাজত ৩ জন লোক আৱদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে। ৩ জন লোকেই এই দুৰ্ঘটনাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে। এই শীতল ভঁৰালৰ গৰাকী অংকুৰ আগৰৱালা আৰু ৰোহিত আগৰৱালাৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হৈছে।

চৰকাৰে মৃতকৰ পৰিয়াললৈ ২ লাখ টকা আৰু গুৰুতৰ ভাৱে আহতজনলৈ ৫০ হাজাৰকৈ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে। চিকিৎসালয়ত ভৰ্তি হৈ থকা লোক কেইজনৰ চিকিৎসা ব্যৱস্থা বিনামূলীয়াকৈ প্ৰদান কৰা হৈছে।

Also Read: গুজৰাটী প্ৰৱঞ্চকৰ কাণ্ড ! প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ বিষয়া বুলি কাশ্মীৰত ল'লে ৰাজ আতিথ্য...

শীতল ভঁৰাল