ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছত দ্বিতীয় দিনা ৩ টা পদকেৰে উজলিল অসম…

ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছত দ্বিতীয় দিনা ৩ টা পদকেৰে উজলিল অসম…

ডিজিটেল ডেস্ক : অসম এথলেটিকছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ সৰুসজাই ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুস্থিত ৩৬ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতাৰ দ্বিতীয়টো দিনত অসমে দেখিলে সফলতাৰ মুখ।

দেশৰ ৩২ খন ৰাজ্যৰ খেলুৱৈৰ অংশগ্ৰহনেৰে অনুস্থিত প্ৰতিযোগিতাখনত দেওবাৰে ১৬ বছৰ অনুৰ্ধ লৰাৰ ১০০ মিঃ দৌৰত ১১.১৬ চেকেণ্ডেৰে অসমৰ ইদুল হুছেইনে ৰূপৰ পদক, লৰাৰ ২০ বছৰ অনুৰ্ধৰ ১০ হাজাৰ মিটাৰ খোজকঢ়া প্ৰতিযোগিতাত ৪৪.০৭ মিনিটেৰে অসমৰ বিক্ৰম দাসে লাভ কৰে ব্ৰঞ্জৰ পদক, লৰাৰ ১৪ বছৰ অনুৰ্ধৰ ৬০ মিঃ দৌৰত অসমৰ অংশুমান ভাগৱতীয়ে লাভ কৰে ব্ৰঞ্জৰ পদক।

চলিত প্ৰতিযোগিতাখনত অসম দলৰ খেলুৱৈসকলৰ মাজত আছে বহু সম্ভাৱনাপূৰ্ণ নতুন প্ৰতিভা। যি সকল প্ৰতিভাই পদকৰ পৰা বঞ্চিত হলেও সৰুসজাইৰ ট্ৰেকত নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰিছে। আনহাতে তৃতীয় দিনাও প্ৰায়কেইটা ইভেন্টত অসমৰ বহুকেইগৰাকী এথলীটে অংশগ্ৰহন কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in