শেহতীয়া খবৰ
ৰাজস্থানত কেনে আছে বড়িৰ ‘কইনা’বোৰ?  •  দেশ ভ্ৰমণ কৰিবলৈ আহি বৰপেটাত বাংলাদেশী নাগৰিকৰ মৃত্যু...  •  আঁচনিৰ ধন আত্মসাতৰ অভিযোগত বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে হিতাধিকাৰী-কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজাহাৰ...  •  টিহুত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা সম্পন্ন...  •  হাস্পতালত কেন্দ্ৰীয় মন্ত্ৰীৰ গালৈ চিঞাহী চটিয়ালে যুৱকে...  •  বুধবাৰে পি চিদাম্বৰামক ই ডিয়ে কৰিব গ্ৰেপ্তাৰ...  •  থলুৱাক বঞ্চিত ৰেলবিভাগৰ! চতুৰ্থবৰ্গৰ চাকৰিত উত্তৰ পূৱ সীমান্ত ৰেলৱে লামডিঙ ডিভিজনত মুঠ ৮৯৯ গৰাকী বহিঃৰাজ্যৰ যুৱকক নিযুক্তি...  •  জম্মু-কাশ্মীৰত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘন, নিহত এগৰাকী মহিলা...  •  ‘ৰত্নাকৰ’ৰ চতুৰ্থ দিনৰ উপাৰ্জন ৪৩ লাখ...  •  ‘ৰত্নাকৰ’ৰ চতুৰ্থ দিনৰ উপাৰ্জন ৪৩ লাখ...

বেংকৰ সকলো জৰুৰী কাম অচিৰেই কৰি লওক, কিয়নো…

9,438

ডিজিটেল সংবাদঃ বেংকত যদি জৰুৰী কোনো কাম আছে তেন্তে অচিৰেই কৰি লওক, কিয়নো অহা ২৫ ছেপ্তেম্বৰৰ পৰা ৪ দিনৰ বাবে বন্ধ থাকিব দেশৰ প্ৰায় সকলো বেংক। দৰাচলতে নৰেন্দ্ৰ মোদী চৰকাৰে বেংক সমূহ একলগ কৰা (Bank Merger) সিদ্ধান্তৰ বিৰোধিতাৰে বেংকৰ ৪টাকৈ কৰ্মচাৰী ইউনিয়নে অহা ২৫ ছেপ্তেম্বৰৰ পৰা ২৭ ছেপ্তেম্বৰলৈ ধৰ্মঘটৰ সিদ্ধান্ত লৈছে।

উল্লেখযোগ্য যে শেহতীয়াকৈ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ১০টাকৈ চৰকাৰী বেংকৰ সন্মিলিতকৰণৰ কৰাৰ কথা ঘোষণা কৰিছিল। যদি এই আঁচনি দেশত কাৰ্যকৰী হয় তেন্তে চৰকাৰী বেংকৰ সংখ্যা ২৭টাৰ পৰা কমি আহি হব মাথোঁ ১২টা হ’ব।

কৰ্মচাৰীসকলৰ মতে এই ব্যৱস্থাত যথেষ্ট খেলি-মেলিৰ সৃষ্টি হোৱাৰ লগতে বিভিন্ন বেংকত একাউন্ট থকা লোকসকলো অসুবিধাৰ সন্মুখীন হব। উল্লেখ্য যে, ২৫-২৭ ছেপ্তেম্বৰলৈ ৩ দিন ধৰ্মঘটৰ লগতে ২৮ ছেপ্তেম্বৰত চতুৰ্থটো শনিবাৰৰ বাবে মুঠ ৪ দিন বন্ধ থাকিব বেংক। কৰ্মচাৰীসকলৰ মতে যদিহে দাবী পূৰণ কৰা নহয় তেনেহ’লে নৱেম্বৰ মাহৰ দ্বিতীয় সপ্তাহৰ পৰা তেওলোক অনিৰ্দিষ্টকালীন ধৰ্মঘটত বহিব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি