কোকৰাঝাৰৰ গেন্দ্ৰাবিলত সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ তৃতীয় সংখ্যক প্ৰতিষ্ঠা দিৱস…

কোকৰাঝাৰৰ গেন্দ্ৰাবিলত সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ তৃতীয় সংখ্যক প্ৰতিষ্ঠা দিৱস…

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বাঘজান ঘটনা সম্পূৰ্ণৰূপে অইলৰ গাফিলতি , অইলৰ গাফিলতিৰ বাবেই দুজন খিলঞ্জীয়া যুৱকৰ মৃত্যু হোৱাৰ লগতে জনসাধাৰণৰ অজস্ৰ ধন জনৰ ক্ষতি হৈছে । এই ক্ষতিপুৰণ অইলে সম্পূৰ্ণৰূপে বহন কৰিব লাগিব আৰু ভৱিষ্যতে অইলৰ এনে হেমাহি কোনোপধ্যেই সহ্য কৰা নহব । এই মন্তব্য আগবঢ়াইছে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে।

কোকৰাঝাৰৰ গেন্দ্ৰাবিলত অনুষ্ঠিত হোৱা সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ তৃতীয় সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকি উক্ত মন্তব্য আগবঢ়াইছে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথেে । বাঘজান ঘটনাৰ গৰিহণা প্ৰকাশ কৰি অৰবিন্দ নাথে কয় যে ১৪ দিনকৈ গেছ নিৰ্গত হৈ থকাৰ পিছতো বিসংগতি দুৰ নকৰা অইলে এতিয়া ক্ষতিপুৰণৰ সম্পূৰ্ণ দায়িত্ব লবই লাগিব ।

মানুহৰ জীৱনৰ লগতে পশু-পক্ষী- পৰিৱেশৰ সতে হেতালি খেলি যি অন্যায় কাম কৰিছে সেয়া ক্ষতিপুৰণৰে পুৰ নহয় যদিও অইলে বাঘজানৰ ক্ষতিগ্ৰস্থ সকলোলৈ পৰ্যাপ্ত পৰিমানে ক্ষতিপুৰণ দিবই লাগিব বুলি দাবী কৰিছে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে ।
ইপিনে অসমৰ ছয় জনগোষ্ঠীৰ লগতে নাথ যোগী জনগোষ্ঠীকো জনজাতিকৰণ কৰিবলৈ দাবী উত্থাপন কৰি আগন্তুক বিটিচি নিৰ্বাচনত যি দলে নাথ যোগীৰ সমস্যা সমাধানৰ্থে লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰিব সেই দলৰ প্ৰাৰ্থীক হে সমৰ্থন দিয়া হব বুলি স্পষ্ট কৰিছে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে ।

কোকৰাঝাৰৰ গেন্দ্ৰাবিলত অনুষ্ঠিত হোৱা সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ তৃতীয় সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে সন্থাৰ পতাকা উত্তোলন কৰে সমাজকৰ্মী মণ্টু নাথে । সম্পূৰ্ণ সামাজিক দূৰত্ব আৰু চৰকাৰী নীতি -নিৰ্দেশনা পালন কৰি আজি গেন্দ্ৰাবিলত অনুষ্ঠিত হোৱা নাথ যোগী ছাত্ৰ সন্থাৰ তৃতীয় সংখ্যক প্ৰতিষ্ঠা দিৱসত সন্থাৰ কেন্দ্ৰীয় সাংগঠিক সম্পাদক জিবুৰাম নাথ , কাৰ্যনিৰ্বাহক সদস্য বকুল নাথ , জিলা সম্পাদক লোহিত নাথ আদিকে ধৰি আন কেবাগৰাকী বিশিষ্ট ব্যাক্তি উপস্থিত থাকে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in