নসত্ৰস্থিত কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ নতুন শিক্ষাবৰ্ষৰ পাঠদান আৰম্ভ…

নসত্ৰস্থিত কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ নতুন শিক্ষাবৰ্ষৰ পাঠদান আৰম্ভ…

ডিজিটেল সংবাদ, চেঙা: বৰপেটা জিলাৰ নসত্ৰস্থিত কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শ্ৰেণী, জি এন এম আৰু বিএছচি নাৰ্ছিং পাঠ্যক্ৰমৰ ২০২১-২০২২ শিক্ষাবৰ্ষৰ পাঠদান সোমবাৰৰ পৰা আৰম্ভ হৈছে। আধ্যাত্মিকতাক অৱধাৰিত বিষয় ৰূপে গ্ৰহণ কৰি স্নাতকোত্তৰ শাখাত অসমীয়া, ৰাজনীতি বিজ্ঞান, দৰ্শন আৰু শিক্ষা বিভাগ ২০১৭ চনৰপৰা মুকলি কৰি কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয় শুভাৰম্ভ হোৱাৰ পাছত বিশ্ববিদ্যালয়খনৰ চতুৰ্থ ছাত্ৰ দলৰ পাঠ্যক্ৰমৰ পাঠদান সোমবাৰে পুৱা শ্ৰীমদ্ভাগৱত পাঠ আৰু একনাম কীৰ্ত্তনেৰে শুভাৰম্ভ হয়।

স্নাতকোত্তৰ পাঠ্যক্ৰমৰ উপৰি জিএনএম নাৰ্ছিঙৰ তৃতীয়টো, বিএছচি নাৰ্ছিং আৰু ফিজিঅ'থেৰাপিৰো দ্বিতীয়টো শিক্ষাবৰ্ষৰ পাঠদান সোমবাৰৰ পৰা আৰম্ভ হয়। এই উপলক্ষে পুৱা বিশ্ববিদ্যালয়ৰ শৈক্ষিক ভৱনত অধ্যাপক-কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ অংশগ্ৰহণেৰে শ্ৰীমদ্ভাৱগত পাঠ আৰু একনাম কীৰ্ত্তনৰ অনুষ্ঠান সম্পন্ন হয়। অনুষ্ঠানৰ পাছতেই বিশ্ববিদ্যালয়ৰ নতুনকৈ নামভৰ্ত্তি কৰা ছাত্ৰ-ছাত্ৰীসকলক লগত লৈ অধ্যাপক-অধ্যাপিকাসকলে কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য্য তথা কৃষ্ণগুৰু সেৱাশ্ৰমৰ গুৰু গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ আশীৰ্বাদ গ্ৰহণ কৰে।

কৃষ্ণগুৰু শিক্ষা পৰিষদৰ সভানেত্ৰী ভক্তিমাতৃ কুন্তলা পাটোৱাৰী গোস্বামীয়ে নতুনকৈ নামভৰ্তি কৰা সকলো ছাত্ৰ-ছাত্ৰীক নিজ লক্ষ্যত উপনীত হ'ব পৰাকৈ শৈক্ষিক সূচীত অংশীদাৰ হ'বলৈ শুভাশীষ জ্ঞাপন কৰে। উল্লেখ্য, বিশ্বত্ৰাস সৃষ্টিকাৰী কোৰোনা মহামাৰীক কেন্দ্ৰ কৰি কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ শিক্ষাবৰ্ষ পূৰ্বে আগষ্ট মাহত আৰম্ভ হোৱাৰ বিপৰীতে এই শিক্ষাবৰ্ষৰ পৰা জানুৱাৰীত আৰম্ভ হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in