নাৰেঙ্গীৰ যুৱনগৰত সম্বৰ্ধনা অনুষ্ঠান, কৃতি শিক্ষাৰ্থীৰ লগতে বিভিন্ন ক্ষেত্ৰৰ ৬৫ গৰাকী ব্যক্তিক সম্বৰ্ধনা…

নাৰেঙ্গীৰ যুৱনগৰত সম্বৰ্ধনা অনুষ্ঠান, কৃতি শিক্ষাৰ্থীৰ লগতে বিভিন্ন ক্ষেত্ৰৰ ৬৫ গৰাকী ব্যক্তিক সম্বৰ্ধনা…

ডিজিটেল ডেস্কঃ বৃহত্তৰ নাৰেঙ্গী অঞ্চলৰ অন্যতম সামাজিক অনুষ্ঠান যুৱনগৰ উন্নয়ন সমিতিৰ উদ্যোগত প্ৰাগজ্যোতিষ যুৱসংঘ, যুৱনগৰ নামঘৰ পৰিচালনা সমিতি আৰু যুৱনগৰ জাগৰণ মহিলা সমিতিৰ সহযোগত আন বছৰৰ দৰে এইবাৰো এই অঞ্চলৰ কৃতি ছাত্ৰ-ছাত্ৰীক উৎসাহ যোগোৱাৰ উদ্দেশ্যে সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। দেওবাৰে আয়োজন কৰা এই অনুষ্ঠানত অন্য দুগৰাকী প্ৰতিভাৱান ছাত্ৰী আন্তৰাষ্ট্ৰীয় কাৰাটে খেলুৱৈ গৰিমা বৰা আৰু এন চি চি কেডেট জেনী বৰগোহাঁইক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে, এই বিশেষ সম্বৰ্ধনা অনুষ্ঠানত ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত ৬৫ গৰাকী ব্যক্তিক মানপত্ৰসহ সম্বধনা জ্ঞাপন কৰা হয়।

এই সমগ্ৰ অনুষ্ঠানটোক পৰিকল্পনা কৰে যুৱ নহৰ উন্নয়ন সমিতিৰ সভাপতি তথা ট্ৰেড ইউনিয়ন(মজদুৰ) সংস্থাৰ নেতা ৰঞ্জিত চেতিয়াই। অনুষ্ঠানটো সুকলমে অনুষ্ঠিত হোৱাত সহায় কৰে উন্নয়ন সমিতিৰ সম্পাদক জীতেন ভূঞাৰ লগতে যুৱনগৰৰ সমূহ ৰাইজে। সম্বৰ্ধনা অনুষ্ঠানৰ আঁত ধৰে ভূৱন কটকী, মিহিৰ কুমাৰ বৰুৱা, নয়নমণি বৰগোহাঁই আৰু সঞ্জীৱ ৰাজকোঁৱৰে।

অনুষ্ঠানৰ আৰম্ভণিতে যুৱনগৰ জাগৰণ মহিলা সমিতিৰ শিল্পীসকলে এটি সমৱেত সংগীত পৰিৱেশন কৰে। বন্তি প্ৰজ্বলন কৰে নামঘৰ পৰিচালনা সমিতিৰ সভাপতি ভুৱন গন্ধিয়াই। অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে স্থানীয় বিধায়ক অতুল বৰা, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ড০ দয়ানন্দ বৰগোহাঁই আৰু এছ. আৰ একাডেমীৰ অধ্যক্ষ শ্ৰীযুত কিশোৰ থাপা। মুখেশ্বৰ শইকীয়াই স্মৃতি তৰ্পন কৰা অনুষ্ঠানটিত সুশৃংখলিতভাৱে অনুষ্ঠিত কৰাৰ বাবে ৰঞ্জিত চেতিয়াক সমূহ অঞ্চলবাসীয়ে ধন্যবাদ জ্ঞাপন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in