সেনাৰ ত্যাগ-বীৰত্বক সম্বল কৰি নিৰ্বাচনী যুঁজতো বিজয়ৰ লক্ষ্য বিজেপিৰ…

সেনাৰ ত্যাগ-বীৰত্বক সম্বল কৰি নিৰ্বাচনী যুঁজতো বিজয়ৰ লক্ষ্য বিজেপিৰ…

ডিজিটেল ডেস্কঃ ৪ মাৰ্চ অৰ্থাৎ সোমবাৰে আহমেদাবাদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বাহিৰ কৰা হ'ব এক ৰেলী। এই কাৰ্যসূচীৰ বাবে সকলো প্ৰস্তুতি সম্পন্ন কৰাৰ লগতে ভাৰতীয় সেনাসহ প্ৰধানমন্ত্ৰী মোডীৰ বৃহৎ বৃহৎ পোষ্টাৰো প্ৰস্তুত কৰা হৈছে। দুদিনীয়া কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে আহমেদাবাদত উপস্থিত হ'ব, য'ত তেওঁ মেট্ৰ' ৰেলৰ প্ৰথম পৰ্যায়ৰ কামৰ লগতে কেতবোৰ উন্নয়নশীল আঁচনি উন্মোচন কৰিব।

'মোডী থাকিলে সকলো সম্ভৱ' 'যদি মোডী থাকে, তেন্তে সম্ভৱ' আদি শ্ল'গান লিখা বিভিন্ন পোষ্টাৰ-হৰ্ডিং প্ৰস্তুত কৰা হৈছে। বিশেষ পাকিস্তানৰ বালাকোটত ভাৰতীয় বায়ু সেনাই জেইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদী শিবিৰত আক্ৰমণ কৰাৰ পাছতেই প্ৰধানমন্ত্ৰীগৰাকীৰ সমৰ্থনত এনে ধৰণৰ পোষ্টাৰসমূহ প্ৰস্তুত কৰা হৈছে। প্ৰধানমন্ত্ৰী মোডীৰ লগতে বিজেপিয়ে উইং কামাণ্ডাৰ অভিনন্দন ৱৰ্থমানে ১ মাৰ্চত ভাৰতলৈ উভতি অহাৰ পাছত অভিনন্দনক জনাইছিল অভিনন্দন।

ইফালে, প্ৰধানমন্ত্ৰীৰ সৈতে দেশৰ সেনা জোৱানৰ এই পোষ্টাৰক লৈ সৃষ্টি হৈছে বিতৰ্কৰ। কিয়নো দেশৰ বীৰ জোৱানসকলে সীমান্তত প্ৰহৰী দি দেশবাসীক সুৰক্ষিত কৰে। শত্ৰু পক্ষক ৰোধিবলৈ তেওঁলোকে আহুতি দিবলগীয়া হয় প্ৰাণ। সেই শ্বহীদক লৈ কোনোবাই ৰাজনীতি কৰাটো বিচৰা নাই দেশবাসীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in