মোডীৰ বিশেষ অফাৰ! নিবনুৱাৰ বাবে চাকৰি লাভৰ প্ৰশিক্ষণ

মোডীৰ বিশেষ অফাৰ! নিবনুৱাৰ বাবে চাকৰি লাভৰ প্ৰশিক্ষণ

ডিজিটেল ডেস্কঃ নতুন বছৰৰ পহিলা তাৰিখত দেশৰ নিবনুৱাসকললৈ এটা ভাল খবৰ আনিছে মোদী চৰকাৰে। দেশৰ দিন দিনে বৃদ্ধি পোৱা নিবনুৱা সমস্যা নিৰ্মূলৰ বাবে চৰকাৰে চাকৰিৰ সুবিধা প্ৰদান কৰিব নোৱাৰিলেও নৱবৰ্ষৰ সময়ত এটা কৰ্মসংস্থাপন পাব পৰাকৈ নিবনুৱাসকলক তিনি সপ্তাহৰ বিনামূলীয়া প্ৰশিক্ষণ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় চৰকাৰৰ ঘোষণা অনুযায়ী নিবনুৱাসকলক বৰুণ মিত্ৰ যোজনাৰ অধীনত বিভিন্ন বিষয়ৰ প্ৰশিক্ষণ দিয়া হ'ব। যাৰ দ্বাৰা নিবনুৱাসকলে বিভিন্ন কৰ্মক্ষেত্ৰত নিয়োজিত হোৱাৰ সুবিধা আছে।

মিনিষ্ট্ৰী অৱ এন এন আৰ ই আৰু এন আই এছ ইৰ তৰফৰ পৰা আৰম্ভ কৰা এই যোজনাত নিবনুৱাসকলক ৰিনিউৱেবল এনাৰ্জি, চোলাৰ ৰিচাৰ্ছ এচেছমেন্ট, চাইট ফিজিবিলিটি আদিৰ লগতে বেটেৰী, মটৰ্ছ, পাম্প মটৰ্ছ, পিৱি ৱাটাৰ পাম্পিং চিষ্টেমছ আদিৰ বিষয়ে প্ৰশিক্ষণ দিব। এনে প্ৰশিক্ষণৰ পিছত নিবনুৱাসকলে নিশ্চিতভাৱে কৰ্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হ'ব বুলি দাবী কৰিছে মিনিষ্ট্ৰী অৱ এন এন আৰ ইয়ে।

এই প্ৰশিক্ষণ ১ জানুৱাৰীৰ পৰা ১৯ জানুৱাৰী ২০১৯লৈ প্ৰদান কৰা হ'ব। মুঠ ১২০ ঘন্টীয়া এই প্ৰশিক্ষণ সম্পূৰ্ণ বিনামূলীয়া যদিও যদি কোনো প্ৰশিক্ষণ গ্ৰহণকাৰীয়ে হোষ্টেলত থাকি প্ৰশিক্ষণ গ্ৰহণ কৰিব বিচাৰে, তেন্তে হোষ্টেলৰ বাবদ প্ৰতিদিনে ৬০০ টকা দিব লাগিব বুলিও জানিবলৈ দিয়া হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in