নাৰায়ণপুৰৰ জনাঞ্চলত বাঘ উদ্ধাৰ…

নাৰায়ণপুৰৰ জনাঞ্চলত বাঘ উদ্ধাৰ…

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ভোগপুৰ ৰে'ল ষ্টেচনৰ সমিপত মঙলবাৰে দিনৰ ভাগত এটা লটামাকৰি বাঘ উদ্ধাৰ হোৱাৰ ঘটনাই সমগ্র অঞ্চলটোতে আতংকময় পৰিবেশে বিৰাজ কৰিছে। ভোগপুৰ ৰে'ল ষ্টেচনৰ সমিপৰ সোমনাথ শইকীয়াৰ বাৰিত স্থানীয় লোকে উদ্ধাৰ কৰে লটামাকৰিটো।

জানিব পৰা মতে লটামাকৰিটো ধৰোতে কিছু পৰিমাণে আঘাত পোৱাত বৰ্তমান যথেষ্ট পৰিমাণে দুৰ্বল হৈ পৰিছে ফলত তাক অতি সোনকালে চিকিৎসাৰ প্ৰয়োজন থকা বুলি জানিব পৰা গৈছে। বৰ্তমান উক্ত স্থানত বনবিভাগৰ লোকৰ লগতে নাৰায়ণপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জে ভি চিমটৈ ৰ নেতৃত্বত এটা আৰক্ষীৰ দল উপস্থিত হৈ লটামাকৰিটো উদ্ধাৰ কৰি যাবতীয় ব্যৱস্থা সম্পূৰ্ণ কৰিছে।

উল্লেখ্য যে, স্থানীয় ৰাইজে যোৱা তিনি-চাৰি দিন ধৰি লটামাকৰিটোৱে উক্ত অঞ্চলত সঞ্চালন কৰি থকা প্ৰত্যক্ষ কৰা বুলি প্ৰকাশ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in