চৰকাৰলৈ বাট নাচাই নাৰায়ণপুৰত ৰাইজে নিৰ্মাণ কৰিলে পথ…

চৰকাৰলৈ বাট নাচাই নাৰায়ণপুৰত ৰাইজে নিৰ্মাণ কৰিলে পথ…

ডিজিটেল সংবাদ, নাৰায়ণপুৰ : চৰকাৰ-প্ৰশাসনে নহয় নাৰায়ণপুৰত ৰাইজে নিৰ্মাণ কৰিলে পথ ৷ স্বাধীনতাৰ ৭ দশকৰ পিছতো অৱহেলিত নাৰায়ণপুৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পিছলাগুৰিৰ পৰা এক নং হাৰমতী-বৈষ্ণৱপুৰ হৈ চৰাইদলনি সংযোগী পথটোৰে যাতায়তৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সন্মুখীন হৈ আহিছে গাওঁবাসী ৷

বাৰিষাৰ এজাক বৰষুণতে একাঠু পৰ্যন্ত বোকাময় হৈ পৰা পথছোৱা নিৰ্মাণৰ বাবে চৰকাৰ-প্ৰশাসনক বিগত সময়ছোৱাত বহুবাৰ আবেদন নিবেদন কৰিও কোনো সুফল লাভ নকৰাত অৱশেষত অঞ্চলটোৰ ৰাইজে গাঠিৰ ধন খৰছ কৰি নিৰ্মান কৰাত লাগিছে পথছোৱা ৷

ঘৰে অৰ্থ সংগ্ৰহ কৰি কোৱাৰিৰ পৰা শিল বালি আনি বোকাময় পথটো মেৰামতি কৰি যাতায়তৰ বাবে উপযোগী কৰাৰ চেষ্টা কৰিছে ৰাইজে । আনহাতে পথছোৱাৰ উন্নয়ণৰ বাবে চৰকাৰ-প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰো দাবী তুলিছে অঞ্চলবাসী ৰাইজে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in