মুখ্যমন্ত্ৰী আহিব সেয়ে হঠাৎ তৎপৰ গড়কাপ্তানি বিভাগ…

মুখ্যমন্ত্ৰী আহিব সেয়ে হঠাৎ তৎপৰ গড়কাপ্তানি বিভাগ…

ডিজিটেল সংবাদ, নাৰায়ণপুৰ : সাধাৰণ জনতাৰ দুখ-যাতনাৰ প্ৰতি গুৰুত্ব নাই চৰকাৰ-প্ৰশাসনৰ । বছৰ বছৰ ধৰি বিধ্বস্ত পথে জলাকলা খুৱাই আহিছে জনতাক । কিন্তু দুৰ্ভাগ্যজনক কথা যে মন্ত্ৰী-আমোলা আহিলেই পথ মেৰামতিৰ কাম আৰম্ভ কৰে গড়কাপ্তানি বিভাগে । আজি তাৰেই প্ৰতিফলন ঘটিছে নাৰায়ণপুৰত ।

সোমাবাৰে লখিমপুৰ জিলাৰ নাৰায়ণপুৰত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আয়োজন কৰা জননেতা ভীমবৰ দেউৰীৰ ৭৩ সংখ্যক স্মৃতি দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল অহাৰ প্ৰাকমুহূৰ্তত আজি মেৰামতিৰ কাম আৰম্ভ কৰিছে নাৰায়ণপুৰ-বিহপুৰীয়া সংযোগী গুৰুত্বপূৰ্ণ গড়কাপ্তানি পথটো । গড়কাপ্তানি বিভাগৰ এনে কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি প্ৰতিবাদ মুখৰ হৈ পৰিছে আছু আৰু কোছ ৰাজবংশী ছাত্ৰ সন্থা ।

উত্তৰ লখিমপুৰ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি জ্যোতিৰ্ময় হাজৰিকা,উপ-সভাপতি ক্ষীৰোদ দুৱৰাৰ লগতে নাৰায়ণপুৰ আঞ্চলিক সমিতিৰ সভাপতি ৰাজদ্বীপ গগৈ আৰু সম্পাদক সৌৰভ বসুমতাৰী আৰু কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক হিৰণ্য ৰাজখোৱাৰ নেতৃত্বত সংগঠনটোৰ কেবাজনো কৰ্মী নিৰ্মাণ স্থলিত উপস্থিত হৈ পথটো এনেদৰে সামান্য মেৰামতি কৰাৰ পৰিৱৰ্তে স্থায়ী ৰূপত পুণৰ নিৰ্মাণৰ দাবী উথ্বাপন কৰে ।

কেৱল মন্ত্ৰী-আমোলা আহিলেই চমক সৃষ্টি কৰি পথ মেৰামতিৰ তৎপৰতা দেখুৱা লখিমপুৰ জিলা গড়কাপ্তানি বিভাগক ক্ষুৰধাৰ সমালোচনা কৰে সংগঠন দুটাৰ নেতৃবৃন্দই । এই ক্ষেত্ৰত স্থানীয় বিধায়ক দেবানন্দ হাজৰিকাৰ নীৰৱ ভূমিকাকো সমালোচনা কৰে সংগঠন কেইটাই । উক্ত পথটোৰে দৈনিক অহা-যোৱা কৰা বিধায়ক গৰাকীয়ে চকু মুদা কুলিৰ ভাও ধৰি অহা বুলিও অভিযোগ উত্থাপন কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in