নাৰায়ণপুৰত নিশা উত্তপ্ত পৰিস্থিতি: NHPCৰ সামগ্ৰী ভৰ্ত্তি ট্ৰাক অৱৰোধ আছু-যুৱ ছাত্ৰ পৰিষদৰ…

নাৰায়ণপুৰত নিশা উত্তপ্ত পৰিস্থিতি: NHPCৰ সামগ্ৰী ভৰ্ত্তি ট্ৰাক অৱৰোধ আছু-যুৱ ছাত্ৰ পৰিষদৰ…

ডিজিটেল সংবাদ, নাৰায়ণপুৰ: লখিমপুৰ জিলাৰ নাৰায়ণপুৰত নিশা উত্তপ্ত পৰিস্থিতি । NHPC ৰ সামগ্ৰী ভৰ্ত্তি ট্ৰাক অৱৰোধ আছু-যুৱ ছাত্ৰ পৰিষদৰ । দল-সংগঠনৰ তীব্ৰ প্ৰতিবাদকো ভেঙুচালি চৰকাৰ-NHPC কৰ্তৃপক্ষৰ । আৰক্ষীৰে তীব্ৰ বাক-বিতন্দাত লিপ্ত হয় প্ৰতিবাদকাৰী । নাৰায়ণপুৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত আছু আৰু AJYCPৰ ।

NHPC গ'বেক,কেন্দ্ৰীয় চৰকাৰ হুচিয়াৰ,অসম চৰকাৰ হায় হায়,সৰ্বানন্দ সোনোৱাল হুচিয়াৰ,বিজেপি গ'বেগ ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন দুটাৰ নেতা-কৰ্মী সকলে ৷ আনহাতে প্ৰতিবাদকাৰীক তীব্ৰ ভাবুকি প্ৰদান আৰক্ষীৰ ।

৫ বছৰ পৰ্যন্ত জেলত ভৰাই দিয়াৰ ভাবুকি আছু নেতা-কৰ্মীক । পৰৱৰ্তী সময়ত নিশাৰ সান্ধ্য আইনৰ সুযোগ লৈ আৰক্ষীৰ কঠোৰ নিৰাপত্তা বেষ্টনিৰ মাজেৰে গেৰুকামুখ অভিমুখে হেলাৰঙে লৈ যায় NHPC ৰ সামগ্ৰী ভৰ্তি দুখনকৈ ট্ৰাক ৷

উল্লেখ্য যে যোৱা ৬ জুলাইত দল-সংগঠনৰ তীব্ৰ প্ৰতিবাদকো নেওচি আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজেৰে নিশাৰ সান্ধ্য আইনৰ সুযোগ লৈ NHPC অভিমুখে লৈ যোৱা হৈছিল সামগ্ৰী ভৰ্ত্তি এখন বৃহৎ ট্ৰাক । কেবাগৰাকীও ছাত্ৰ সংগঠনৰ নেতা-কৰ্মীক আটক কৰা হৈছিল সেইদিনা । আৰু সোমবাৰে পুনৰ নিশাৰ সান্ধ্য আইনৰ সুযোগ গ্ৰহণ কৰি আৰক্ষীৰ কটকটীয়া নিৰপত্তা বেষ্টনিৰ মাজেৰে এনেদৰে NHPC ৰ সামগ্ৰী ভৰ্ত্তি ট্ৰাক গেৰুকামুখ অভিমুখে লৈ যোৱা ঘটনাই পুনৰবাৰ চৰকাৰৰ মিথ্বাচৰকে উদঙাই দেখুৱালে ।।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in