পৰিৱৰ্তনঃ এম্বুলেন্সৰ অভাৱত চাইকেলতে বহুৱাই হাস্পতাললৈ নিলে ৰোগীয়া বৃদ্ধাক…

পৰিৱৰ্তনঃ এম্বুলেন্সৰ অভাৱত চাইকেলতে বহুৱাই হাস্পতাললৈ নিলে ৰোগীয়া বৃদ্ধাক…

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ পথৰ দুৰৱস্থাৰ বাবে গ্ৰামাঞ্চললৈ নাযায় এম্বুলেঞ্চ । লখিমপুৰ জিলাৰ নাৰায়ণপুৰত পুত্ৰই চাইকেলৰ কেৰিয়াৰত বহুৱাই চিকিৎসালয়লৈ আনিলে বৃদ্ধা মাতৃক । নৈপৰীয়া পাদীগাও অঞ্চলৰ পৰা পত্নীৰ সৈতে দুৰ্ভগীয়া পুত্ৰই চাইকেল ঠেলি ঠেলি নাৰায়ণপুৰ আদৰ্শ চিকিৎসালয়লৈ আনিলে তীব্ৰ পেটৰ বিষ আৰু ককালৰ বিষত চতফতাই থকা বৃদ্ধা মাতৃক ।

যি সময়ত ৰাজ্যত ৰাস্তা-পদূলিৰ আমূল পৰিবৰ্তন হোৱা বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন চৰকাৰ খনে সভাই সমিতিয়ে দম্ভালি মাৰি আহিছে ঠিক সেই সময়তে নাৰায়ণপুৰত পথৰ দুৰৱস্থাৰ বাবে এম্বুলেঞ্চৰ পৰিৱৰ্তে চাইকেলত বহুৱাই কেইবা কিলোমিটাৰো বাট অতিক্ৰম কৰি চিকিৎসালয়লৈ আনিব লগা হৈছে ৰোগীক ।

উল্লেখ্য যে নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত পূৱ নাৰায়ণপুৰ গাঁও পঞ্চায়ত এলেকাৰ নৈ পৰীয়া এক বৃহৎ অঞ্চলৰ জনতাই স্বাধীনতাৰ ৭ দশকৰ পিছতো বিভিন্ন সমস্যাৰে ভাড়াক্ৰান্ত হৈ আহিছে । বাৰিষাৰ বান-গৰাখহনীয়াত সৰ্বস্বান্ত হোৱা বৃহত্তৰ অঞ্চলটোৰ মিচিং জনগোষ্ঠীয় লোক সকল বছৰ বছৰ ধৰি সমস্যাৰ মাজতে ককবকাই থাকিব লগা হয় । অন্যান্য সমস্যা সমুহৰ লগতে যাতায়তৰ চৰম দুৰ্ভোগ ভূগিব লগা হয় অঞ্চলটোৰ লোক সকলে ।

পথৰ দুৰৱস্থাৰ বাবে অঞ্চলটোৰ লোক সকলে খোজ কাঢ়িয়েই যাতায়ত কৰিব লগা হয় । বাৰিষাৰ সময়চোৱাত চাৰিচকীয়া যানবাহনটো বাদেই চাইকেল-মটৰচাইকেল চলাচলৰ ক্ষেত্ৰতো চৰম সমস্যাৰ সন্মুখীন হৈ আহিছে অঞ্চলটোৰ সাধাৰণ জনতা ।

পৰিনতিত এম্বুলেঞ্চৰ পৰিৱৰ্তে এনেদৰেই চাইকেলত বহুৱাই কেইবা কিলোমিটাৰ দুৰত্ব অতিক্ৰম কৰি চিকিৎসালয়লৈ আনিব লগা হৈছে ৰোগী । এই ক্ষেত্ৰত মিচিং স্বায়ত্ব পৰিষদৰ নীৰৱ ভূমিকাকো সময়ে সময়ে ৰাইজে সমালোচনা কৰি আহিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in