নাৰায়ণপুৰত উত্তপ্ত পৰিস্থিতি! প্ৰাপ্য ধন বিচৰাৰ বাবে যুৱকক প্ৰহাৰ…

নাৰায়ণপুৰত উত্তপ্ত পৰিস্থিতি! প্ৰাপ্য ধন বিচৰাৰ বাবে যুৱকক প্ৰহাৰ…

ডিজিটেল সংবাদ, নাৰায়ণপুৰ: লখিমপুৰ জিলাৰ নাৰায়ণপুৰ আৰক্ষী থানাৰ অন্তৰ্গত সাউকূছি মুছলিম গাঁৱত শুকুৰবাৰে পুৱাই সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । মাৰপিটৰ ঘটনাক কেন্দ্ৰ কৰি এই পৰিস্থিতিৰ সৃষ্টি হয় গাঁওখনত। পৰৱৰ্তী সময়ত নাৰায়ণপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জে ভি চিমটেৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দল গাঁওখনত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায়।

উল্লেখ্য যে, স্থানীয় মেৰমুখ জালুকতা গাঁৱৰ ৰমেন গোস্বামী নামৰ এজন লোকে শুকুৰবাৰে পুৱাই নিজ গৃহত উপৰ্যুপৰি মাৰধৰ কৰে সাউকূছি মুছলিম গাঁৱৰ অবিত আহমেদ নামৰ যুৱক জনক । ৰমেন গোস্বামীৰ ঘৰত পূৰ্বে হাজিৰা কৰি পাবলগীয়া ধন বিচাৰি যোৱা যুৱক জনক মাৰধৰ কৰি গুৰুতৰভাবে আহত কৰে ৰমেন গোস্বামী নামৰ লোকজনে।

ৰছীৰে বান্ধি বাঁহৰ জেওৰাৰে উপৰ্যুপৰি মাৰধৰ কৰা যুৱক জন কোনোমতে পলাই আহি নিজ ঘৰত উপস্থিত হোৱাৰ লগে লগে গাঁওখনৰ সকলো লোক ওলাই আহি পৰিবেশ উত্তপ্ত কৰি তোলে । আনহাতে উক্ত ৰমেন গোস্বামীয়ে নাৰায়ণপুৰ আৰক্ষীয়ে নাৰায়ণপুৰ থানাত বিভিন্ন কেচক লৈ দালালী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। জানিব পৰা মতে পূৰ্বে এছ পি অ'ৰ জোৱান হিচাপে কৰ্মৰত আছিল ৰমেন গোস্বামী নামৰ লোকজন ।

ইফালে ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীৰ দলক আৱদ্ধ কৰি ৰাখে ৰাইজে । ৰাইজৰ দাবী অভিযুক্ত ৰমেনক গোস্বামীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰক । অন্যথা গাঁওখনৰ পৰা যাবলৈ দিয়া নহ'ব আৰক্ষীৰ দলক । পৰৱৰ্তী সময়ত আৰক্ষীয়ে ৰাইজৰ দাবীৰ ভিত্তিত অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়াতহে আৰক্ষীৰ দলটোক গাঁওখনৰ পৰা ওলাই যাবলৈ দিয়া হয়। বৰ্তমান আহত যুৱক জনক আৰক্ষীৰ সহযোগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in