নাৰায়ণপুৰত শিক্ষা বিষয়া হৰিপ্ৰসাদ দাসৰ বিৰুদ্ধে নিৰ্বাচনী বিধি উলংঘাৰ অভিযোগ …

নাৰায়ণপুৰত শিক্ষা বিষয়া হৰিপ্ৰসাদ দাসৰ বিৰুদ্ধে নিৰ্বাচনী বিধি উলংঘাৰ অভিযোগ …

ডিজিটেল সংবাদ, নাৰায়ণপুৰ: লখিমপুৰৰ নাৰায়ণপুৰত টকা দিলেই নিজৰ ইচ্ছা অনুসৰি বিদ্যালয় সলনি কৰিব পাৰে শিক্ষকে । নাৰায়ণপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া হৰিপ্ৰসাদ দাসৰ ছত্ৰছায়াত এই সুযোগ লাভ কৰিছে শিক্ষক সকলে । ৰাজ্যজুৰি চলি থকা নিৰ্বাচনী বিধি উলংঘা কৰি শিক্ষক বদলিত নামিছে খণ্ড প্ৰাথমিক শিক্ষা বিষয়া গৰাকী ৷ শিক্ষা খণ্ডটোৰ অন্তৰ্গত কটকীচুক অমৰজ্যোতি প্ৰাথমিক বিদ্যালয়ৰ পৰা মিতালী শইকীয়া নামৰ শিক্ষয়িত্ৰী গৰাকীক ৰাধিকা প্ৰাথমিক বিদ্যালয়লৈ বদলি কৰা কাৰ্য্যই পোহৰলৈ আনিছে শিক্ষা বিষয়া গৰাকীৰ অনিয়মৰ কথা ৷

ৰাজ্যজুৰি নিৰ্বাচনী বিধি বলবট হৈ থকাৰ লগতে শিক্ষা বিভাগে শিক্ষক বদলিকৰণ বন্ধ ৰখাৰ সময়ত শিক্ষা বিষয়া হৰিপ্ৰসাদ দাসে ভুৱা নথি পত্ৰৰে একমাত্ৰ ধনৰ বিনিময়ত শিক্ষক বদলিত নামি পৰিছে ৷ উল্লেখ্য যে পূৰ্বেও শিক্ষা বিষয়াগৰাকীৰ বিৰুদ্ধে বিভাগীয় নীতি-নিৰ্দেশনা উলংঘা কৰি একাধিক শিক্ষকক বদলি কৰাৰ অভিযোগ আছে ৷

এতিয়া প্ৰশ্ন হয় ৰাজ্যৰ শিক্ষা বিভাগত আমূল পৰিৱৰ্তন হোৱা বুলি সভাই-সমিতিয়ে দম্ভালী মাৰি অহা বিভাগীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই গৰাকী দুৰ্নীতিগ্ৰস্ত শিক্ষা বিষয়াৰ বিৰুদ্ধে শূন্য সহণশীলতাৰ নীতি গ্ৰহণ কৰিব পাৰিবনে ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in