নাৰায়ণপুৰত নিশা অঘটন : পেট্ৰ’ল ডিপোত বন্দুক দেখুৱাই ডকাইতিৰ চেষ্টা…

নাৰায়ণপুৰত নিশা অঘটন : পেট্ৰ’ল ডিপোত বন্দুক দেখুৱাই ডকাইতিৰ চেষ্টা…

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ দুৰ্গাপূজাৰ প্ৰাকক্ষণত নাৰায়ণপুৰত নিশা অঘটন । নাৰায়ণপুৰ নগৰৰ মাজমজিয়াত থকা Joo-Rii Filling Station নামৰ পেট্ৰল ডিপোটোত ডকাইতিৰ চেষ্টা ৷ মুখত ক'লা কাপোৰ বন্ধা দুই বন্দুকধাৰী যুৱকে পেট্ৰ'ল ডিপোটোৰ কৰ্মচাৰীৰ পৰা ধন লুটাৰ চেষ্টা চলাইছিল ৷ পেট্ৰ'ল ডিপোটোৰ কৰ্মচাৰীয়ে বন্দুকধাৰী ডকাইত দুটাক দেখি চিঞৰ বাখৰ কৰাত সমীপৰ ধাবাৰ পৰা মানুহ ওলাই অহা দেখি পলায়ণ কৰে অস্তধাৰী ডকাইত দুটা ৷

পৰবৰ্তী সময়ত নাৰায়ণপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে ডকাইতৰ দলটোৰ বিৰোদ্ধে অভিযান আৰম্ভ কৰিছে যদিও এই মুহূৰ্তলৈকে কোনো সন্ধান লাভ কৰা নাই । উল্লেখ্য যে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা পেট্ৰ'ল ডিপোটোত পূৰ্বে কেইবাবাৰো সংঘটিত হৈছে অনুৰূপ ঘটনা ।

আনহাতে আৰক্ষী-নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকাৰ পিছতো দুৰ্গাপূজাৰ প্ৰাকক্ষণত সংঘটিত এনেধৰণৰ ঘটনাই চিন্তিত কৰি তুলিছে ৰাইজক । এই ক্ষেত্ৰত Joo-Rii Filling Station ৰ স্বত্বাধিকাৰ অচ্যুত শইকীয়াই পেট্ৰ'ল ডিপোটোৰ লগতে কৰ্মচাৰী সকলৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ প্ৰশাসনৰ ওচৰত দাবী জনাইছে ।।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in