নাৰায়ণপুৰৰ স্বাস্থ্য উপ কেন্দ্ৰত চোৰে চলালে চাফাই…

নাৰায়ণপুৰৰ স্বাস্থ্য উপ কেন্দ্ৰত চোৰে চলালে চাফাই…

ডিজিটেল সংবাদ, নাৰায়ণপুৰ: নাৰায়ণপুৰৰ জৰাবাৰিস্থিত স্বাস্থ্য উপ কেন্দ্ৰটোত যোৱা নিশা চোৰে চলালে চাফাই। পিছ দুৱাৰেদি প্ৰৱেশ কৰি চিলিং ভাঙি সোমাই চোৰে তহিলং কৰে স্বাস্থ্য উপ কেন্দ্ৰটো। গেছ চিলিণ্ডাৰ, তিনি খন ফেন, ২০ খন চকী, ২ খন টেবুল,পানী মটৰ, হাতমোজা, পৰীক্ষা কৰা মেছিন, ৰন্ধনৰ সকলো সামগ্ৰী লুটি নিয়ে চোৰে।

পুৱা স্বাস্থ্য উপ কেন্দ্ৰটোলৈ স্বাস্থ্যকৰ্মী পুতলী দত্ত আহি দুৱাৰ খুলি দেখে যে স্বাস্থ্য কেন্দ্ৰটোৰ সকলো বয়-বস্তু লণ্ড ভণ্ড হৈ আছে। উপায়ন্তৰ হৈ তেওঁ ততাতৈয়াকৈ নাৰায়ণপুৰ আৰক্ষীক খবৰ দিয়াত কিছু সময় পিছতে আৰক্ষী আহি উপস্থিত হয় স্বাস্থ্য উপ কেন্দ্ৰটোত। উল্লেখ্য যে, কিছুদিন পূৰ্বে স্বাস্থ্য উপ কেন্দ্ৰটোৰ গাতে লাগি থকা বৰবৰি মাধৱদেৱ প্ৰাথমিক বিদ্যালয়টো চোৰ সোমাই লুটি নিছিল বহু সা সামগ্ৰী৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in