চাকৰি মুখী নহৈ নাৰায়ণপুৰৰ পুলিনাহৰণিত কৃষি বিপ্লৱৰ সূচনা জান চাৰিঙ্গীয়াৰ…

চাকৰি মুখী নহৈ নাৰায়ণপুৰৰ পুলিনাহৰণিত কৃষি বিপ্লৱৰ সূচনা জান চাৰিঙ্গীয়াৰ…

ডিজিটেল সংবাদ, নাৰায়ণপুৰ: এগৰাকী শিক্ষিত যুৱক । নাম জান চাৰিঙ্গীয়া । যি সময়ত একাংশ যুৱক-যুৱতীয়ে শিক্ষা সাং কৰি এটা চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খাই ঘুৰি ফুৰে, যি সময়ত অসমৰ শ শ শিক্ষিত নিৱনুৱা যুৱক-যুৱতীয়ে কৰ্ম সংস্থাপন বিচাৰি বহি:ৰাজ্যলৈ ঢাপলি মেলা পৰিলক্ষিত হয় ঠিক সেই সময়তে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ৰঙতি অঞ্চলৰ এই গৰাকী শিক্ষিত যুৱকে কৃষি কৰ্মৰে অব্যাহত ৰাখিছে জীয়াই থকাৰ সংগ্ৰাম ।

অঞ্চলটোৰ ২ নং পুলিনাহৰনিত দিহিৰী নদীৰ পাৰত নিজৰ পৈত্তিক সম্পত্তিৰ প্ৰায় ৭ বিঘা মাটিত বিভিন্ন ধৰণৰ কৃষি কৰ্মৰে সূচনা কৰিছে সেউজ বিপ্লৱৰ । ধান খেতি চপোৱাৰ পিছত একেদৰা মাতিতে গঢ়ি তুলিছে ৰবি শস্যৰ এখন সুন্দৰ ফাৰ্ম । ফাৰ্ম খনত ইতিমধ্যে লহপহকৈ বাঢ়িবলৈ আৰম্ভ কৰিছে ওল কবি,বন্ধা কবি,ফুল কবি,বকলি কবি,বেঙেনা,বিলাহী,জলকীয়া,জাতি লাও,ৰঙালাও,নহৰুকে ধৰি নানা তৰহৰ খেতি ।

উৎপাদিত কৃষি সামগ্ৰীৰ পৰা বছৰত তিনি-চাৰি লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হোৱা যুৱক জনক কৃষি কাৰ্যত সহায় কৰি আহিছে পিতৃ সোনেশ্বৰ চাৰিঙ্গীয়াৰ লগতে মাতৃ আৰু পত্নীয়ে । কৃষি কৰ্মৰ জৰিয়তে উপাৰ্জন কৰা ধনেৰে ৬ জনীয়া পৰিয়ালটো সুন্দৰকৈ পোহপাল দি অহা এই গৰাকী যুৱক এতিয়া হৈ পৰিছে সমগ্ৰ অঞ্চলটোৰ লোক সকলৰ বাবে আদৰ্শ স্বৰূপ ।

কিন্তু দুৰ্ভাগ্যজনক কথা যে পথাৰ আৰু বজাৰ দখলৰ শ্লোগানেৰে আগবাঢ়িব খোজা শিক্ষিত যুৱক জনে আজিকোপতি লাভ নকৰিলে কোনো ধৰণৰ চৰকাৰী সা-সুবিধা । কেৱল বিজ্ঞাপনৰ নামত কোটি কোটি টকা খৰছ কৰা মন্ত্ৰী অতুল বৰাৰ বিয়াগোম কৃষি বিভাগৰ কোনো এখন অভিলাষী আঁচনিয়েও স্পৰ্শ কৰিবলৈ সক্ষম নহ'ল বছৰ বছৰ ধৰি কৃষি কৰ্মৰ লগত জড়িত হৈ অহা স্বাভিমানী যুৱক জান চাৰিঙ্গীয়াক ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in