জৈৱিক পদ্ধতিৰে নাৰায়ণপুৰত কৃষি বিপ্লৱৰ সূচনা বে-চৰকাৰী সংস্থা সালোক্য সেৱা কাননৰ

জৈৱিক পদ্ধতিৰে নাৰায়ণপুৰত কৃষি বিপ্লৱৰ সূচনা বে-চৰকাৰী সংস্থা সালোক্য সেৱা কাননৰ

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ ৰাজ্যখনত ভয়াবহ নিবনুৱা সমস্যাই গা কৰি উঠাৰ পৰিপ্ৰেক্ষিতত একাংশ যুৱকে কৰ্মসংস্থাপনৰ আশাত বহিঃৰাজ্যলৈ ঢাপলি মেলাৰ সময়তে নাৰায়ণপুৰৰ এটা বে-চৰকাৰী সংস্থাৰ এক ব্যতিক্ৰমী পদক্ষেপে হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে এদল কৃষকৰ মুখত। সালোক্য সেৱা কানন নামৰ এটা প্ৰকৃতিপ্ৰেমী সংগঠনৰ সদস্য সকলে নাৰায়ণপুৰত জৈৱিক পদ্ধতিৰে কৃষি বিপ্লৱৰ সূচনা কৰি স্ব-নিয়োজনৰ পথ মুকলি কৰিছে।

যি সময়ত ৰাজ্যখনৰ চুকে-কোনে গঢ়ি উঠিছে বিষাক্ত ৰাসায়নিক সাৰ প্ৰয়োগ কৰা বৃহৎ সংখ্যক কৃষি ফাৰ্ম সেই সময়তে এই সংস্থাটোৰ সদস্য সকলে আৰম্ভ কৰিছে জৈৱিক সাৰ প্ৰয়োগেৰে ৰবিশস্যৰ খেতি। নাৰায়ণপুৰৰ বৰলাপাৰ গাঁৱৰ বিশিষ্ট কৃষক তথা বৃক্ষ বন্ধু হিচাপে পৰিচিত লীলা হাজৰিকাৰ নিজা বাৰীত ব্যতিক্ৰমী পদক্ষেপেৰে আৰম্ভ কৰা এই কৃষি ফাৰ্মখনত ফুল, বন্ধা, ওল কবিৰ লগতে মূলা, বেঙেনা, জলকীয়া, পালেং, পিয়াজ আদি নানা তৰহৰ জৈৱিক পদ্ধতিৰে কৰা সেউজীয়া খেতিৰে উপচি পৰা দেখা গৈছে।

২০১৬ বৰ্ষত জন্ম লাভ কৰা সালোক্য সেৱা কানন নামৰ সংস্থাটোৰ সভাপতি লীলা হাজৰিকাৰ শ্ৰমৰ বিনিময়ত গঢ়ি উঠা কৃষি ফাৰ্মখনৰ জৰিয়তে বৃহত্তৰ অঞ্চলটোৰ কৃষক ৰাইজক ৰাসায়নিক সাৰ প্ৰয়োগেৰে কৰা কৃষি মানুহৰ দেহৰ বাবে কিমান বিপদজ্জনক তাৰ সম্পৰ্কত সজাগতা সৃষ্টি কৰিব খুজিছে সংস্থাটোৱে। এই কৃষি বাৰীখন বেচৰকাৰী সংস্থা সালোক্য সেৱা কাননৰ নেতৃবৰ্গই এক ব্যতিক্ৰমী ব্যৱস্থাৰে শুভ উদ্বোধন কৰি বিপননৰ বাবে মুকলি কৰি দিয়ে।

আনহাতে কৃষক গৰাকীৰ বাৰীখনত বিভিন্ন তৰহৰ ৰবি শস্যৰ উপৰি পান-তামোল, নাৰিকলৰ লগতে অমিতা খেতিও কৰিছে কৃষক গৰাকীয়ে। দৰিদ্ৰ কৃষক গৰাকীয়ে পোক-পতংগ নিৰ্মূলৰ বাবে বাৰিখনৰ চাৰিওফালে ৰোপণ কৰিছে নিম গছ। এক কথাত কবলৈ গ'লে এখন সৰ্বাংগ সুন্দৰ বাৰি গঢ়ি তুলিছে কৃষক গৰাকীয়ে।

কিন্তু দুৰ্ভাগ্যজনক কথা যে, বছৰ বছৰ ধৰি বিভিন্ন খেতি কৰি অহা কৃষক গৰাকীয়ে ৰাজ্যৰ কৃষি বিভাগৰ পৰা আজিকোপতি সুবিধাৰ নামত ফুটাকৰি এটাও লাভ কৰিবলৈ সক্ষম নহল। এতিয়া প্ৰশ্ন হয় ৰাজ্যৰ বিয়াগোম কৃষি বিভাগৰ সুদৃষ্টি পৰিবনে এই সকল কৃষকৰ প্ৰতি?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in