নাৰায়ণপুৰৰ বনপুৰৈ-জামুগুৰিত খহনীয়াৰ কালৰূপ! নাম-কীৰ্তন, ভোগ-নৈবেদ্যৰে ব্ৰহ্মপুত্ৰৰ শৰণাপন্ন নৈপৰীয়া ৰাইজ…

নাৰায়ণপুৰৰ বনপুৰৈ-জামুগুৰিত খহনীয়াৰ কালৰূপ! নাম-কীৰ্তন, ভোগ-নৈবেদ্যৰে ব্ৰহ্মপুত্ৰৰ শৰণাপন্ন নৈপৰীয়া ৰাইজ…

ডিজিটেল সংবাদ, নাৰায়ণপুৰ: বাঁহ-জেঙেৰে খহনীয়া ৰোধৰ চেষ্টা ৰাজ্যৰ বিয়াগোম জলসম্পদ বিভাগৰ। মহাবাহু ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি অৱশেষত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বনপুৰৈ-জামুগুৰিবাসীয়ে বৃহস্পতিবাৰে নৈৰ পাৰত নাম-প্ৰসংগ কৰাৰ উপৰি বাবা ব্ৰহ্মপুত্ৰৰ চৰণত ভোগ-নৈবেদ্য আগবঢ়ায়৷ অঞ্চলটোৰ ৰাইজে মহাবাহু ব্ৰহ্মপুত্ৰক শান্ত আৰু স্থিৰেৰে ৰখোৱাৰ উদ্দেশ্যে খহনীয়া স্থলীতে দিনজোৰা কাৰ্যসুচীৰে ধূপ, দ্বীপ,নৈবেদ্যসহ নাম প্ৰসংগ কৰি নেদেখা জনক সন্তুষ্ট কৰাৰ লগতে বাবা ব্ৰহ্মপুত্ৰৰ বুকুত আগবঢ়ায় ভোগ নৈবেদ্য৷

উল্লেখ্য যে, বিগত বছৰ বছৰ ধৰি ভয়ংকৰ গৰাখহনীয়াৰ কবলত পৰি বনপুৰৈ-জামুগুৰি বাসী ৰাইজে হেৰুৱাব লগা হৈছে শ শ বিঘা কৃষি ভুমি আৰু নৈ বুকুত বিলিন হৈছে শতাধিক পৰিয়ালৰ বাসগৃহ ৷ প্ৰতিশ্ৰুতিৰ ধল বোৱাই চৰকাৰ সলনি হ'লেও অঞ্চলটোৰ ৰাইজৰ সমস্যাৰ সমাধান কৰিবৰ বাবে কোনো এখন চৰকাৰে দায়িত্ব কান্ধ পাতি লোৱা নাই ৷ দুবছৰৰ পূৰ্বে অঞ্চলটোৰ বান গৰাখহনীয়া পৰিদৰ্শন কৰি জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই গৰাখহনীয়া প্ৰতিৰোধৰ বিজ্ঞান সন্মত ভাবে স্থায়ী পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও আজিকোপতি সেয়া সম্ভৱ নহ'ল ৷

শেহতীয়াকৈ যোৱা ২৮ জুলাইত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ দলেক লগত লৈ উক্ত খহনীয়া স্থলীত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। মুখ্যমন্ত্ৰী গৰাকীক দিবলৈ স্থানীয় ৰাইজে যুগুতাই ৰখা স্মাৰক পত্ৰ হাততে থাকিল । কটকটীয়া নিৰাপত্তা বেষ্টনিৰ মাজেৰে খহনীয়া পৰিদৰ্শন কৰিবলৈ অহা মুখ্যমন্ত্ৰী গৰাকীক দুৰ্ভগীয়া ৰাইজে দিবলৈ সমৰ্থ নহ'ল যুগুতাই ৰখা স্মাৰক পত্ৰ ।

উল্লেখ্য যে, বনপুৰৈ-জামুগুৰিৰ ঐতিহাসিক পাৰঘাট টো খহনীয়াৰ কবলত পৰি নিশ্চিহ্ন হ'ল মহাবাহুৰ বুকুত ৷ সম্প্ৰতি ৩ নম্বৰ চেক বান্ধটো খহনীয়াৰ কবলত পৰাৰ পিছত চাৰি নম্বৰ চেকবান্ধটোও মহাবাহুৰ প্ৰৱল গৰাখহনীয়াৰ কবলত পৰাৰ সমান্তৰালকৈ তীব্র ভাবুকি কঢ়িয়াই আনিছে বৃহত্তৰ অঞ্চলটোৰ ৰক্ষাকৱচ স্বৰূপ জামুগুৰি-আৰিমৰা সংযোগী মথাউৰিটোৰ প্ৰতি ।

মথাউৰিটোলৈ মাজত মাত্ৰ ১০ মিটাৰ মনহে বাকী থকাত আতংকিত হৈ পৰিছে বনপুৰৈ-জামুগুৰি বাসী ৰাইজ ৷ বনপুৰৈ-জামুগুৰিবাসী ৰাইজৰ দাবী অতি স্পৰ্শকাতৰ তথা জটিল সমস্যাটো চাবলৈহ আহি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে অসমৰ বান-গৰাখহনীয়া সমস্যাক দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ কথা কৈছিল যদিও জলসম্পদ বিভাগৰ তৰফৰ পৰা কোনো বিশেষ আচনি ৰূপায়ণৰ কথা প্ৰকাশ নকৰিলে ।

মুখ্যমন্ত্ৰী গৰাকীৰ ভূমিকাত ক্ষুদ্ধ হৈ পৰিছিল অঞ্চলটোৰ লোক সকল । এনেসময়তে চৰকাৰৰ ওপৰত আস্থা বিশ্বাস হেৰুৱাই মহাবাহু ব্ৰহ্মপুত্ৰ আৰু অদৃশ্য জনৰ শৰণাপন্ন হৈছে দুৰ্ভগীয়া বনপুৰৈ জামুগুৰিবাসী ৰাইজ ৷ বাবা ব্ৰহ্মপুত্ৰৰ ওচৰত ভোগ-নৈবেদ্য আগবঢ়াই খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি এনেদৰে নাম-কীৰ্তন কৰি নেদেখা জনৰ শৰনাপন্ন হৈছে দুৰ্ভগীয়া লোক সকল ।

আনহাতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি হেমচন্দ্ৰ গোস্বামী আৰু লখিমপুৰ জিলা সমিতিৰ সভাপতি মন্দীপ নেওগৰ নেতৃত্বত এটা সজাতি দলে বৃহস্পতিবাৰে উক্ত খহনীয়াস্থলী পৰিদৰ্শন কৰাৰ লগতে অসম চৰকাৰক শীঘ্ৰে পদক্ষেপ গ্ৰহণ দাবী জনায় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in