হাতী-মানুহৰ সংঘাত: নাৰায়ণপুৰত হাহাকাৰ অৱস্থা…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, নাৰায়ণপুৰ: কিছুদিন পূৰ্বে এটা উন্মত্ত হাতীয়ে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বিভিন্ন অঞ্চলৰ লগতে গহপুৰতো সৃষ্টি কৰিছিল সন্ত্ৰাস ৷ নাৰায়ণপুৰৰ ভিন্ন স্থানত সপ্তাহ জুৰি সন্ত্ৰাস চলোৱা উন্মত্ত হাতীটোৱে গুৰিয়াই-লঠিয়াই ভাঙিছিল এখন টেক্টৰ ৷

নাৰায়ণপুৰৰ তৰাজুলীত সংঘটিত হৈছিল এই ঘটনা ৷ উন্মত্ত হাতীটোৱে ভাঙি থৈ যোৱা টেক্টৰ খনৰ গৰাকী আছিল এইগৰাকী বিধবা মহিলা ৷ দুটা সন্তানৰ মাতৃ ৰিংকু বৰাৰ স্বামী চাৰিবছৰ পূৰ্ৱে মৃত্যু হৈছিল ৷ স্বামীয়ে ক্ৰয় কৰা টেক্টৰ খনকে সাৰথি কৰি পৰিয়াল পোহপাল দি অহা ৰিংকু বৰাৰ উপাৰ্জনৰ পথ ৰুদ্ধ কৰিলে উন্মত্ত হাতীটোৱে ৷ হাতীটো প্ৰথমে বনৰীয়া বুলি ধাৰনা কৰা হৈছিল যদিও বনবিভাগে বিচাৰি উলিয়ালে হাতীটোৰ গৰাকীৰ ৷

বিশ্বনাথ চাৰিআলিৰ হাজিবুল আলি নামৰ লোকজনৰ হাতী বুলি চিনাক্ত কৰিলে বনবিভাগে ৷ লক্ষী বাহাদুৰ নামৰ উন্মত্ত হাতীটোৱে ভাঙি চুৰমাৰ কৰা টেক্টৰ খনৰ বাবে ৰিংকু বৰা নামৰ বিধবা মহিলাগৰাকীৰ পানীত হাঁহ নচৰা অৱস্থা ৷ এইসময়ত ৰিংকু বৰাই নিজৰ কৃষি ভুমি হাল বোৱাৰ লগতে আনৰো হাল বোৱাই দুটকা উপাৰ্জন কৰে ৷

আনহাতে লকডাউনৰ প্ৰভাৱত আন কোনো ব্যৱস্থা কৰিবলৈও অপাৰগ মহিলাগৰাকীৰ আশা যিকোনো উপায়েৰে টেক্টৰ খনৰ মেৰামতি কৰিব লাগে অন্যথা চন পৰিব কৃষি ভুমি,ৰুদ্ধ হৈ পৰিব উপাৰ্জন ৷ কোনে সহায় কৰিব মহিলাগৰাকীক ৷ যাৰ উত্তৰ নাই বনবিভাগৰ হাতত ৷ দায়িত্ব ল'বনে লক্ষী বাহাদুৰ নামৰ হাতীটোৰ গৰাকী হাজিবুল আলিয়ে ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in