নাৰায়ণপুৰৰ বানৰমুখত মহাবাহুৰ ভয়ংকৰ খহনীয়াঃ নদীৰ বুকুত জাহ গৈছে অৰ্ধ শতাধিক পৰিয়ালৰ ঘৰ-বাৰী, বিদ্যালয়…

নাৰায়ণপুৰৰ বানৰমুখত মহাবাহুৰ ভয়ংকৰ খহনীয়াঃ নদীৰ বুকুত জাহ গৈছে অৰ্ধ শতাধিক পৰিয়ালৰ ঘৰ-বাৰী, বিদ্যালয়…

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ বাৰিষাৰ ভয়াবহ বানৰ পিছত এইবাৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়াৰ কবলত পৰিছে নাৰায়ণপুৰৰ এক অঞ্চল। চপৰা-চপৰে খহিছে নৈৰ গড়া। ইতিমধ্যে অৰ্ধশতাধিক পৰিয়ালৰ ঘৰ-বাৰী নদীৰ বুকুত জাহ যোৱাৰ লগতে দুখন কৈ বিদ্যালয় সম্পূৰ্ণৰূপে জাহ গৈছে মহাবাহুৰ বুকুত। ইমানৰ পিছতো খবৰ লবলৈ আহৰি নাই প্ৰশাসন তথা জনপ্ৰতিনিধিৰ।

লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দক্ষিণ নাৰায়ণপুৰ গাঁও পঞ্চায়ত এলেকাৰ বানৰমুখ অঞ্চলত চলিছে মহাবাহুৰ ভয়ংকৰ খহনীয়া। প্ৰায় ৮০ টা পৰিয়ালে বসবাস কৰা অঞ্চলটোৰ বিগত বৰ্ষত অৰ্ধশতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ নদীৰ বুকুত জাহ যোৱাৰ লগতে অঞ্চলটোত থকা বানৰমুখ প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয় দুখনো খহনীয়াৰ কবলত পৰি সম্পূৰ্ণ জাহ যোৱাৰ পিছত বৰ্তমান গো-ভেটি এটাত কোনোমতে এখন জৰাজীৰ্ণ টিনপাতৰ চালিৰ তলত পাঠ দান কৰি আহিছে।

১৯৬২ চনতে স্থাপিত বানৰমুখ প্ৰাথমিক বিদ্যালয়খনে দুভাৰ্গ্যজনকভাৱে তৃতীয়বাৰৰ বাবে নিজা পৰিচয় সলনি কৰিবলগীয়া হোৱাৰ পিছত বৰ্তমান পাঠদান চলাই থকা গো-ভেটিতোলৈও প্ৰৱল ভাবুকি আহিছে। আনহাতে খহনীয়াৰ কবলত পৰি সৰ্বস্বান্ত হোৱা অঞ্চলটোৰ কৃষিজীৱী লোক সকলে অনাকাংখিত ভৱিষ্যতৰ কথা ভাবি দিশহাৰা হৈ পৰিছে। দিকবিদিক হেৰুৱাই পেলাইছে তেওঁলোকে।

যি কুৰিটামান পৰিয়াল বৰ্তমানেও উক্ত অঞ্চলত বসবাস কৰি আছে তেওঁলোকেও উজাগৰী নিশা পাৰ কৰিছে। এই সকল লোকে সকলো থাকিও যে এদিন অঘৰী জীৱন যাপন কৰিব লাগিব সেয়া নিশ্চিত। ইমানৰ পিছতো স্থানীয় বিধায়ক দেবানন্দ হাজৰিকা, সাংসদ পল্লৱলোচন দাসৰ খবৰ লবলৈ আহৰি নাই দুৰ্গত লোক সকলৰ। এতিয়া প্ৰশ্ন হয় জাতি-মাটি-ভেটিৰ কথা কৈ ক্ষমতা দখল কৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে এই সকল দুৰ্ভগীয়া খিলঞ্জীয়া জনতাৰ কথা ভাবিবলৈ আহৰি পাবনে?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in