নাৰায়ণপুৰত অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ, তিনি বন্ধ সমৰ্থকক আটক

নাৰায়ণপুৰত অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ,  তিনি বন্ধ সমৰ্থকক আটক

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ ৰাজ্যখনৰ ৬ জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিবাদত জনজাতি সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে শুকুৰবাৰ্ পুৱাৰে পৰা আহ্বান জনোৱা ১২ ঘন্টীয়া অসম বন্ধৰ প্ৰভাৱ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত সৰ্বাত্মক ৰূপত দেখিবলৈ পোৱা যায় ৷ বন্ধৰ সময়ছোৱাত দুই-এটা বিক্ষিপ্ত ঘটনাও সংঘটিত হয় ৷ একাংশ প্ৰতিবাদকাৰীয়ে শিলগুটি দলিয়াই দুখন মান সৰু গাড়ী ভাঙি ক্ষতিসাধন কৰে।

পুৱাৰ ভাগত ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে বন্ধ সমৰ্থনকাৰী সকলে ৷ ৰাজপথত যান-বাহনৰ চলাচল,দোকান-পোহাৰ সম্পূৰ্ণৰূপে বন্ধ থাকে। আনহাতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে গ'বেক,মুৰ্দাবাদ ধ্বনিও প্ৰতিবাদকাৰীৰ ৷ আনহাতে দুপৰীয়াৰ ভাগত নাৰায়ণপুৰৰ ভোগপুৰত তিনি বন্ধ সমৰ্থনকাৰীক আটক কৰে আৰক্ষীয়ে । ব্ৰিটিছ দেউৰী, বিতুল দেউৰী আৰু উমা দেউৰীক আটক কৰে আৰক্ষীয়ে । আটকাধীন কেউগৰাকী প্ৰতিবাদকাৰী দেউৰী ছাত্ৰ সন্থাৰ কৰ্মী । ভোগপুৰত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি থকা অৱস্থাত তিনিওকে আটক কৰে আৰক্ষীয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in