এটিএম ব্যৱহাৰ কৰোতে সাৱধান, আপোনাৰ অজ্ঞাতে সলনি হ’ব পাৰে এটিএম কাৰ্ড, হেৰুৱাব পাৰে ধন…

এটিএম ব্যৱহাৰ কৰোতে সাৱধান, আপোনাৰ অজ্ঞাতে সলনি হ’ব পাৰে এটিএম কাৰ্ড, হেৰুৱাব পাৰে ধন…

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ নগৰত শুকুৰবাৰে বিয়লি এগৰাকী মহিলাৰ পৰা কৌশলেৰে এ টি এম কাৰ্ড চুৰ কৰি দহ হেজাৰ টকা উলিয়াই নিয়া ঘটনাই সমগ্র অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। হিমাদ্ৰী থিয়েটাৰৰ প্ৰযোজক নবজ্যোতি বুল শইকীয়াৰ পত্নী নাৰায়ণপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ মুখ্য সেৱিকা মন্দিতা দত্তই নাৰায়ণপুৰ নগৰৰ পানবাৰীস্থিত এলাহাবাদ বেংকৰ লগত সংলগ্ন এ টি এমত টকা উলিয়াবৰ বাবে সোমায়।

কাৰ্ডখন এ টি এমত ভৰাই দ্বিতীয়বাৰৰ বাবে বিফল হোৱাত প্ৰথম অবস্থাৰ পৰাই পিছফালৰ পৰা নিৰীক্ষণ কৰি থকা এজন যুৱকে মই উলিয়াই দিম বুলি কৈ কৌশলেৰে মহিলাগৰাকীৰ কাৰ্ডখন সলাই লয়। মহিলাগৰাকীক বিশ্বাস জন্মাবৰ বাবে যুৱকজনে নিজৰ কাৰ্ডখন এটিএমত ভৰাই স্ক্ৰীনত প্ৰত্যক্ষ কৰা মুঠ ১০০ টকাহে জমা আছে বুলি সেই ঠাইৰ পৰা উধাও হয়। মহিলাগৰাকীৰ বেংকত জমা থকা মুঠ ৪২ হেজাৰ টকাৰ বিপৰীতে ১০০ টকা প্ৰত্যক্ষ কৰি হতভম্ব হৈ সন্দেহ নিবাৰণৰ বাবে কাষতে থকা এছ বি আইৰ এ টি এমলৈ যায়।

তেনে সময়তে মন্দিতা দত্তৰ মোবাইলত তেওঁৰ একাউণ্টৰ পৰা দহ হেজাৰ টকা উলিয়াই নিয়াৰ মেছেজ অহাত ঘটনা পোহৰলৈ আহে। লগে লগেই তেওঁৰ হাতত থকা কাৰ্ডখন চাই দেখে যে, উক্ত কাৰ্ডখনৰ গৰাকী তেওঁৰ পৰিবৰ্তে অমৰ পেগুৰ ( নং-৫১০৩৭২০৩৯০৩৪৫৬৪১)। ঘটনা সন্দৰ্ভত মন্দিতা দত্তই তৎকালীনভাবে নাৰায়ণপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে বেংকৰ জৰিয়তে কাৰ্ডখন অচল কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in