নাৰায়ণপুৰত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ভাওনা সমাৰোহ-২০২১ : স্মৃতিগ্ৰন্থ ৰূপ ৰস ৰংগ উন্মোচন…

নাৰায়ণপুৰত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ভাওনা সমাৰোহ-২০২১ : স্মৃতিগ্ৰন্থ ৰূপ ৰস ৰংগ উন্মোচন…

ডিজিটেল সংবাদ, নাৰায়ণপুৰ : নিৰ্বাচনী ধামখুমীয়াৰ মাজতে নাৰায়ণপুৰৰ কমলপুৰত বৃহস্পতিবাৰৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীলৈ আৰম্ভ হৈছে প্ৰতিযোগিতা মূলক ভাওনা সমাৰোহ-২০২১ । সদৌ অসম ভাওনা শিল্পী সমাজৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত, ঠাকুৰদলনি-কমলপুৰ কৃষ্টি বিকাশ কেন্দ্ৰৰ সহযোগত আৰু স্থানীয় ৰাইজৰ আতিথ্যত অনুস্থিত হোৱা ভাওনা সমাৰোহ খনৰ আজি প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত পুৱাৰ ভাগত পৰিবেশ নিকাকৰণৰ পিছতে গছপুলি ৰোপণ কৰে অঞ্চলটোৰ বয়োজ্যেষ্ঠ ব্যক্তি কমলা ভৰালী,লীলা হাজৰিকা,ধনীৰাম দাসে ।

ইয়াৰ পিছতে ভাওনা সমাৰোহ স্থলিত গুৰু আসন প্ৰতিস্থা প্ৰতিস্থা কৰে শঙ্কৰদেৱ আৰু মাধৱদেৱ গুৰুদুজনাৰ মনিকাঞ্চন সংযোগ স্থলি নাৰায়ণপুৰৰ শ্ৰীশ্ৰী ধুৱাহাট বেলগুৰী সত্ৰৰ সত্ৰাধিকাৰ মুনিন্দ্ৰ নাৰায়ণ গোস্বামীয়ে আৰু ভাওনা সমাৰোহৰ পতাকা উত্তোলন কৰে লখিমপুৰ জিলা ভাওনা শিল্পী সমাজৰ সভাপতি উপেন চন্দ্ৰ বৰুৱাই । মহাপুৰুষ গুৰুদুজনাৰ অনুপম সৃষ্টি,অসমীয়া জাতীয় জীৱনৰ প্ৰাণৰ স্পন্দন ভাওনা সংস্কৃতিক অধিক গতিশীল কৰি তোলাৰ লক্ষ্যৰে স্থানীয় কমলপুৰ কৃষ্টি বিকাশ কেন্দ্ৰ প্ৰাঙ্গনত অনুস্থিত কৰা ভাওনা সমাৰোহ স্থলিত আয়োজন কৰা প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰে পিছলাগুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ গুনিন্দ্ৰ বৰাই ।

দুপৰীয়া ১২-৩০ বজাৰ পৰা ভাওনা সমাৰোহৰ উদ্বোধনী অনুষ্ঠান আৰম্ভ হয় । শ্ৰীশ্ৰী শিয়ালমৰা সত্ৰৰ সত্ৰাধিকাৰ তথা অধ্যাপক অৰুণ কুমাৰ গোস্বামীৰ সভাপতিত্বত অনুস্থিত হোৱা সভা খন উদ্বোধন কৰে মাজুলীৰ শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী জনাৰ্দন দেৱগোস্বামীয়ে উদ্বোধন কৰে । সভাখনত যোৰহাট জিলা ভাওনা শিল্পী সমাজৰ সভাপতি ড.মানিক শইকীয়াই আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ বিপৰীতে ৰাজ্যখনৰ এগৰাকী সুদক্ষ নাট্যকৰ্মী তথা পৰিচালক কৃষ্ণপদ কলিতাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে অংশগ্ৰহণ কৰে ।

উক্ত সভাখনতে শিক্ষক তথা সাংস্কৃতিক কৰ্মী প্ৰশান্তজ্যোতি বৰুৱা আৰু সাংবাদিক টুটুমনি ফুকনৰ সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থ "ৰূপ ৰস ৰংগ" উন্মোচন কৰে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব ড.ৰমেশ চন্দ্ৰ চুতীয়াই । সভাখনৰ অন্তত বিয়লি শ্ৰীশ্ৰী বেলগুৰী সত্ৰৰ শিল্পী সকলে অংকীয়া ভাওনা ভোজন বিহাৰ ভাওনা পৰিবেশণ কৰে । প্ৰথম দিনাৰ ভাওনা প্ৰতিযোগিতাত বিহপুৰীয়াৰ বংশীবদন সাংস্কৃতিক গোষ্ঠীয়ে "বিপ্ৰ দামোদৰ" ভাওনা আৰু বুঢ়াবুঢ়িৰ পূবেৰুণ নাট্যগোষ্ঠীয়ে "বিপ্ৰপুত্ৰ অনায়ন" ভাওনা পৰিবেশণ কৰিব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in