ঢকুৱাখনাত বানৰ তাণ্ডৱ! ১০ বছৰে সমষ্টিবাসীৰ ওচৰত নৰহ দম্পতী  উপস্থিত নোহোৱাৰ অভিযোগ…

ঢকুৱাখনাত বানৰ তাণ্ডৱ! ১০ বছৰে সমষ্টিবাসীৰ ওচৰত নৰহ দম্পতী উপস্থিত নোহোৱাৰ অভিযোগ…

ডিজিটেল সংবাদ, ঢকুৱাখনা:ভৰত নৰহ আৰু ৰাণী নৰহক আজি দহ বছৰে দেখা নাই সমষ্টিৰ ৰাইজে। উল্লেখযোগ্য যে, একেৰাহে ২৫ বছৰ ঢকুৱাখনাত লুণ্ঠন চলোৱা ভৰত নৰহক যোৱা দুটা কাৰ্যকাল গাদীচ্যুট কৰি বিজেপিৰ নৱ কুমাৰ দলে ঢকুৱাখনাবাসীৰ লগত প্ৰতিমুহূৰ্তত আছে যদিও ভৰত নৰহৰ পত্নী ৰাণী নৰহ ৰাজ্য সভাৰ সাংসদ হোৱা পাছতো লখিমপুৰবাসী ৰাইজে এইগৰাকী ৰাণীক কোনোদিন দেখা নাই লখিমপুৰত।

ৰাজ্যৰ ভিন্ন সমষ্টিত নিৰ্বাচনত পৰাজিত বিধায়ক সকলেও সমষ্টিৰ ৰাইজৰ বিপদৰ সময়ত সততে থিয় দিয়ে যদিও এইক্ষেত্ৰত সম্পূৰ্ন ওলোটা দুৰ্নীতিৰ সদাগৰ ভৰত নৰহ। শাসনৰ গাদীত থাকোঁতেও ৰাইজৰ দুখ দুৰ্দশাৰ প্ৰতি চকু নিদিয়া এই নৰহ দম্পতিৰ প্ৰধান ভোটবেংক হিচাপে বিবেচিত মিছিং জনগোষ্ঠীৰ লোক সকল এতিয়া লখিমপুৰৰ বিভিন্ন প্ৰান্তত বানপানীত ককবকাই আছে যদিও ইয়ালে অলপো ভ্ৰূক্ষেপ নাই এইহাল অকৃতজ্ঞ জনপ্ৰতিনিধিৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in