/asomiyapratidin/media/media_files/2025/11/15/new-ap-web-5-19-2025-11-15-13-49-30.jpg)
ডিজিটেল সংবাদ, বিহালীঃ বিহালীত উদ্ধাৰ ১৮১৮ চনৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ তাম্ৰ মাটি পট্টা৷ সেই সময়ৰ ব্ৰিটিছ কালেক্টৰ বৰশীল চাহাবে লৱ কুশ দাস নামৰ লোকগৰাকীয়ে প্ৰদান কৰা তাম্ৰ মাটি পট্টা চোৰাংভাৱে বিক্ৰি কৰিবলৈ লোৱা সময়তে জালত পৰে এটা দুষ্ট চক্ৰ৷
উল্লেখ্য যে বিহালীৰ জিনজিয়া আৰক্ষীয়ে গোপন সুত্ৰ পমখেদি দুস্কৃতিকাৰীসহ জব্দ কৰে ঐতিহাসিক তাম্ৰফলি। জিনজিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুস্কৃতিকাৰী কেইটা - বিশ্বনাথৰ মধুপুৰ গাঁৱৰ হেমন্ত গগৈ, বৰকুৰাৰ মিন্টু বৰা।
তাৰোপৰি বিশ্বনাথৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু জিনজিয়া আৰক্ষীৰ সহযোগত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিহুপুখুৰীত এখন বগা ৰঙৰ চুইফ্ট বাহন জব্দ কৰে । বাহনখনৰ নম্বৰ AS 12 Q 3319 । এই বাহনখনত ইংলিচ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ২০০ বছৰীয়া পুৰণি ঐতিহাসিক তাম্ৰ ফলিসহ দুজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
জানিব পৰা মতে, দুস্কৃতিকাৰীয়ে বিশ্বনাথ চাৰিআলি দিশৰ পৰা গহপুৰ অভিমুখী গৈ থকা অৱস্থাত বাহনসহ ঐতিহাসিক সম্পদ জব্দ কৰে ৷ তাৰোপৰি বৰ্তমানলৈকে তাম্ৰ ফলিখন ক'ত কেনেকৈ উদ্ধাৰ হৈছে আৰু কোন ব্যক্তিক বিক্ৰি কৰিব বিচাৰিছিল জানিব পৰা হোৱা নাই। ইপিনে আৰক্ষীৰ তদন্তৰ পাছত সকলো তথ্য পোহৰলৈ আহিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us