অমিত শ্বাহে অগপ নেতৃত্বক অমৃত পান কৰোৱালেঃ আছু, নামতিত কেবৰ বিৰুদ্ধে আছুসহ ৩০ জনগোষ্ঠীয় সংগঠনৰ বিক্ষোভ

অমিত শ্বাহে অগপ নেতৃত্বক অমৃত পান কৰোৱালেঃ আছু, নামতিত কেবৰ বিৰুদ্ধে আছুসহ ৩০ জনগোষ্ঠীয় সংগঠনৰ বিক্ষোভ

ডিজিটেল সংবাদ, নামতিঃ কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে অগপ নেতৃত্বক অমৃত পান কৰোৱালে যাৰ দ্বাৰা তেওঁলোকে নিজৰ বৃত্তি, নিজৰ সত্তা ত্যাগ কৰি জাতিধ্বংসী বিধেয়কখনক সমর্থন জনাইছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৃহস্পতিবাৰে শিৱসাগৰ নামতি চাৰি আলিৰ মাজ মজিয়াত সদৌ অসম ছাত্র সন্থা (আছু) সৈতে ৩০ টাকৈ জনগোষ্ঠীয় সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত ২ ঘন্টীয়া "বিক্ষোভ কাৰ্যসূচী" ৰূপায়ণ কৰি এই মন্তব্য কৰে, শিৱসাগৰ জিলা ছাত্র সন্থাৰ সাংগঠনিক সম্পাদক ধ্ৰুৱজ্যোতি কলিতাই। লগতে তেওঁ কয়, আঞ্চলিকতাবাদ প্রতিনিধিত্ব কৰা ফণিভূষণ চৌধুৰীৰ পৰা অতুল বৰাৰলৈকে সকলোৱে জনসাধাৰণক অসমীয়া জাতি সত্তা ৰক্ষা কৰিম বুলি পতিশ্রুতি দি শাসনৰ গাদীত বহিছে। সেই দলটোৱে অমিত শ্বাহৰ লগত আলোচনাৰ পাছত এনে যি নিকৃষ্ট কাম কৰিছে সেইটো আছুৰ লগতে ৩০ টাকৈ জনগোষ্ঠীয় সংগঠনৰ স্পষ্ট প্রশ্ন।

আনহাতে, শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অসীম দত্ত, আটাছুৰ নামতি আঞ্চলিক সমিতিৰ সভাপতি শান্তনু নিউ মৌঙ, চিপিআই নেতা কনক গগৈ, টাইপাৰ জিলা সম্পাদক দিগন্ত তামুলী, অধিবক্তা মহেন্দ্ৰ ভূঞা, শিক্ষাবিদ হাচান আলী, সমাজকৰ্মী গঙ্গাৰাম কলিতা, চেনীৰাম বৰগোঁহাই, নাথু দত্ত, স্বেচ্ছাসেৱী অনুষ্ঠান সৃষ্টিৰ পূৰবী দেৱী, আছু নেতা ঋতুৰাজ দত্তকে ধৰি অঞ্চলটোৰ বহুসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থকা প্রতিবাদী কার্যসূচীত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজেও অংশগ্ৰহণ কৰে।

প্রতিবাদকাৰী সকলে "নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক", "বিজেপি হুঁচিয়াৰ", "বিজেপি গ' বেক", "অসম চৰকাৰ কাম নাই", "নৰেন্দ্ৰ মোডী হায় হায়", "সৰ্বানন্দ সোণোৱাল হায় হায়" আদি শ্ল'গানেৰে পৰিবেশ উত্তাল কৰি তোলে। তদুপৰি প্ৰতিবাদী কাৰ্যসূচীত অংশগ্রহণ কৰি আছু আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বই যিকোনো মূল্যৰ বিনিময়ত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিবই লাগিব বুলি চৰকাৰক সকীয়াই দিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in