নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নামতিত জনজাগৰণ সমাবেশঃ বীৰ লাচিত সেনাৰ শৃংখল চলিহাৰ বিজেপি চৰকাৰক তীব্র ভাষাৰে সমালোচনা, VIDEO

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নামতিত জনজাগৰণ সমাবেশঃ বীৰ লাচিত সেনাৰ শৃংখল চলিহাৰ বিজেপি চৰকাৰক তীব্র ভাষাৰে সমালোচনা, VIDEO

ডিজিটেল সংবাদ, নামতিঃ 'কা' বাতিলৰ দাবীত সমগ্র ৰাজ্যৰ লগতে আমগুৰিবাসীয়েও অব্যাহত ৰাখিছে বিভিন্ন ধৰণৰ গণতান্ত্রিক প্রতিবাদ। নামতি জ্যেষ্ঠ নাগৰিকে স্থানীয় ৰাইজৰ সহযোগত আয়োজন কৰা এই জনজাগৰণ সমাবেশত বক্তা হিচাপে উপস্থিত থাকে বীৰ লাচিত সেনাৰ শৃংখল চলিহা, যুৱ নেতা কনক গগৈ, গণ মুক্তিৰ আহ্বায়ক লোচনশ্যাম গোঁহাই, কটন কলেজৰ ছাত্র একতা সভাৰ প্রাক্তন সম্পাদক প্রাঞ্জল কলিতা, ডিব্রুগড় বিশ্ববিদ্যালয় ছাত্র একতা সভাৰ সদস্যা জ্ঞানশ্রী বড়া আৰু জনপ্রিয় কণ্ঠশিল্পী ৰাজীৱ শদিয়া।

সমাবেশত উপস্থিত থাকি বীৰ লাচিত সেনাৰ শৃংখল চলিহাই বিজেপি চৰকাৰক তীব্র ভাষাৰে সমালোচনা কৰি কয়, "অসম নামৰ মা' জনীক বিজেপি আৰু আৰ এছ এছৰ সাম্প্রদায়িক ৰাজনীতিৰ পৰা মুক্ত কৰিবৰ বাবে অসমীয়া জনগণ ঐক্যবদ্ধ হৈ সংগ্রহ গঢ়ি তুলিব লাগিব।

তদুপৰি বিজেপি হুচিয়াৰ, আৰএছএছ হুচিয়াৰ, সর্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনি দিয়াৰ লগতে গণতন্ত্ৰ ৰক্ষা কৰা, সংবিধান ৰক্ষা কৰা, নাগৰিকত্ব সংশোধনী আইন বাতিল কৰা আদি বিভিন্ন শ্লোগানৰে উপস্থিত ৰাইজক আকর্ষিত কৰি তোলে।

ইফালে বিধায়ক প্রদীপ হাজৰিকাকো ক্ষুৰধাৰ সমালোচনা কৰে উপস্থিত লোকসকলে। ডিব্রুগড় বিশ্ববিদ্যালয় ছাত্রী জ্ঞানশ্রী বড়া, কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰাঞ্জল হাজৰিকাইয়ো তীব্ৰ ভাষাৰে সমালোচনা কৰে বিজেপি চৰকাৰক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in