নামৰূপত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ শাখা গঠন

একেটা ছাটিৰ তলত থিয় দিব পাৰে, সেই লক্ষ্য আৰু উদ্দেশ্য প্ৰণোদিতভাৱে গঢ় লোৱা অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ, ডিব্ৰুগড় জিলা আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ অন্তৰ্গত নামৰূপ শাখাটি গঠন কৰা হয় যোৱা ১ আগষ্ট, ২০২৫ তাৰিখে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,নামৰূপঃ  কবিতা মানুহৰ হৃদয়ৰ সম্পদ। আবৃত্তিয়ে কবিৰ কাব্যভাৱনাক জনচেতনাৰে সংপৃক্ত কৰি, শিল্পকলা হিচাপে আবৃত্তিৰ চৰ্চাৰ জৰিয়তে ভাষাৰ শুদ্ধতাৰ জ্ঞান দিয়ে। অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ জৰিয়তে আবৃত্তিক জনমানসৰ কাষ চপাই নিয়াৰ লগতে সমগ্ৰ অসমৰে আবৃত্তিকাৰসকল যাতে একেখন মঞ্চত, একেটা ছাটিৰ তলত থিয় দিব পাৰে,সেই লক্ষ্য আৰু উদ্দেশ্য প্ৰণোদিতভাৱে গঢ় লোৱা অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ, ডিব্ৰুগড় জিলা আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ অন্তৰ্গত নামৰূপ শাখাটি গঠন কৰা হয় যোৱা ১ আগষ্ট, ২০২৫ তাৰিখে।

Advertisment

আজি ২৪ আগষ্টৰ দিনা শাখাটিৰ আনুষ্ঠানিক স্বীকৃতি প্ৰদানৰ প্ৰক্ৰিয়া সম্পন্ন কৰা হয়, নামৰূপস্থ "নিদান বন ধাবা"ত আয়োজিত এখনি আনুষ্ঠানিক সভা যোগে। উক্ত সভাত সভাপতিত্ব কৰে নব গঠিত শাখা সমিতিৰ সভাপতি, জ্যেষ্ঠ সাংবাদিক স্মৃতিৰেখা কলিতাই।

স্বীকৃতি প্ৰদান কাৰ্যসূচী সম্পন্ন কৰে সভাত উপস্থিত থকা অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ কেন্দ্ৰীয় উপ সভাপতি( শিক্ষা আৰু আবৃত্তি কৰ্মশালা) তথা আবৃত্তি গুৰু ৰিজুমণি শইকীয়া তামুলীয়ে। উল্লেখ্য যে, অসম সাহিত্য সভাৰ যুৱ-সংসদ উপ-সমিতিৰ উপ সভাপতি তথা ডিব্ৰুগড় জিলা আবৃত্তি পৰিষদৰ সাংগঠনিক সম্পাদক অনিতা গগৈৰ তৎপৰতাৰে গঠিত এই শাখাটিৰ লগতে জয়পুৰ এটি ক্ষুদ্ৰ শাখাও গঠন কৰা হৈছিল জয়পুৰ উচ্চতৰ  মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী মনালিছা ফুকনক সভাপতি আৰু অংকিতা বৰঠাকুৰক সম্পাদক হিচাপে লৈ গঠিত এখন পূৰ্ণাঙ্গ সমিতিৰে।

আজি উক্ত দুয়োটা শাখাৰে আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰা হয়। এই পৱিত্ৰ কাৰ্য সম্পাদনত কেন্দ্ৰীয় উপ সভাপতিৰ লগতে উপস্থিত থাকে ডিব্ৰুগড় জিলা আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দুগৰাকীকৈ উপ সভাপতি ক্ৰমে লেখিকা, দুলীয়াজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষা মৃণালী ভূঞা বৰুৱা আৰু দুলীয়াজান গেছ ক'ম্পেনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষা কল্পনা বৰুৱা কছাৰী।

নৱ গঠিত শাখাৰ সম্পাদক প্ৰেৰণা চেতিয়াই উদ্দেশ্য ব্যাখ্যাৰ লগতে সমিতিৰ বিষয়ববীয়াসকলক পৰিচয় কৰাই দিয়ে। সমিতিৰ অন্যান্য উপস্থিত বিষয়ববীয়াসকল ক্ৰমে উপদেষ্টা অৱসৰ প্ৰাপ্ত বন্তি শিক্ষয়িত্ৰী, নিদান বন ধাবাৰ স্বতাধিকাৰী বন্তি গগৈ, উপদেষ্টা অনিতা গগৈ,উপ সভাপতি আন্তঃৰাষ্ট্ৰীয় পাঞ্জা খেলুৱৈ, গায়িকা স্বৰ্ণালী ভূঞা, কোষাধ্যক্ষ, উদ্যমী মহিলা উদ্যোগী যোগমায়া সোণোৱাল, কাৰ্য-নিৰ্বাহক সদস্য, সংগীত শিল্পী প্ৰতিমা কোঁৱৰ আৰু সদস্য স্মিতা লুখুৰাখন আৰু লিলি মেচকে আদি কৰি অন্যান্যসকল।

অনুষ্ঠানত সত্ৰীয়া নৃত্য পৰিৱেশন কৰে ক্ষুদ্ৰ শাখাৰ দুগৰাকীকৈ বিষয়ববীয়া,ছাত্ৰী অংকিতা বৰঠাকুৰ আৰু ৰুণজুন দাসে। তাৰ পৰৱৰ্তী অনুষ্ঠানত উপস্থিত সকলোৱে অনুশীলন কৰে অসমৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ তথা কাব্যসিন্ধু, ড° অমৰজ্যোতি চৌধুৰীদেৱ বিৰচিত কবিতা "মৃত্যু জিনাৰ গান" কবিতাৰ সমূহীয়া আবৃত্তি।

উল্লেখ্য যে, অহা ৮ চেপ্তেম্বৰত অসম সন্তান, বিশ্ববৰেণ্য গণ শিল্পী,সংগীত সূৰ্য্য ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে, ৭ চেপ্তেম্বৰত , অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ সৌজন্যত সমগ্ৰ অসমতে পঞ্চাশ হেজাৰ শিল্পী,আবৃত্তিকাৰৰ একত্ৰ সমাৱেশেৰে , বৰ্ষজোৰা কাৰ্যসূচীৰে সমূহীয়া শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ কাৰ্যসূচীৰ অংশ হিচাপে ডিব্ৰুগড়ত পাঁচ হেজাৰ আবৃত্তি শিল্পীৰ সমাৱেশত অংশগ্ৰহণৰ বাবে নামৰূপ শাখাইও প্ৰস্তুতি চলাইছে।

 লগতে ভবিষ্যতেও নামৰূপত আবৃত্তি চৰ্চাৰ এখন নিৰ্ভৰযোগ্য মঞ্চ হিচাপে নামৰূপ শাখাই কাম কৰি যাব বুলি সভাপতিৰ মন্তব্য আগবঢ়োৱাৰ পিছত সম্পাদকৰ শলাগ জ্ঞাপন আৰু সভাপতিৰ সভাভংগৰ ঘোষণাৰে আজিৰ সুন্দৰ অনুষ্ঠানটিৰ সফল সমাপ্তি ঘটে।

নামৰূপ