নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰৰ আবাসিক এলেকাত নিতৌ বন্যহস্তীৰ উপদ্ৰৱ, নিদ্ৰা হৰিছে ৰাইজৰ…

নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰৰ আবাসিক এলেকাত নিতৌ বন্যহস্তীৰ উপদ্ৰৱ, নিদ্ৰা হৰিছে ৰাইজৰ…

ডিজিটেল সংবাদ, নামৰূপ: জয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীয়ে নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰৰ আবাসিক এলেকা, চাইক্য  গাঁও, অভয়পুৰ এলেকাত কিছুদিনৰ পৰা তাণ্ডৱৰ সৃষ্টি কৰিছে। বিগত নিশা সমূহৰ দৰে বুধবাৰেও সন্ধিয়া হাতীটো আবাসিক এলেকাৰ  নৰ্থ কলনীৰ দিশে প্ৰৱেশ কৰি লাগতিয়াল গছ গছনি ভাঙি তহিলং কৰে।  বৃহস্পতিবাৰে বিয়লিৰ পৰা তাপ বিদ্যুৎ কেন্দ্ৰৰ পিছফালে থকা ধাননি পথাৰত এজাক বন্যহাতী প্ৰৱেশ কৰি ধান খোৱাৰ লগতে ধাননি দৰা গছকি ধ্বংস কৰে।

থাৰমেলবাসীৰ অভিযোগ মৰ্মে কিছুদিনৰ পৰা বনৰীয়াহাতীয়ে তামোলগছ ভঙাৰ লগতে অন্যান্য লাগণি গছ ভাঙি তহিলং কৰিছে। ভুক্তভোগী ৰাইজৰ অভিযোগ মতে, নিশা ডিউটি থকা কৰ্মচাৰী সকল হাতীৰ ভয়ত ওলাব নোৱাৰা হৈছে। আবাসিক এলেকাৰ ৰাইজৰ অভিযোগ স্থানীয় বন বিভাগ আৰু খণ্ড বন বিষয়া গৰাকীয়ে এই ক্ষেত্ৰত দায়িত্ব পালন নকৰাৰ লগতে অসহায় ৰাইজে ফোন কৰি থাকিলেও বিষয়া গৰাকীয়ে গুৰুত্ব প্ৰদান নকৰে বুলি বক্তব্যত প্ৰকাশ।

আনহাতে, বন কাৰ্য্যালয়ত অভিযোগ কৰিবলৈ অহা ভুক্তভোগী ৰাইজৰ অভিযোগ যে খণ্ড বন বিষয়া গৰাকী দীৰ্ঘদিনে কাৰ্যালয়ত উপস্থিত নথকাৰ উপৰি কাৰ্য্যালয়ৰ দুৱাৰ বন্ধ থকাৰো অভিযোগ কৰিছে স্থানীয় ৰাইজে। বহু নিশা বিনিদ্ৰ ৰজনী কটোৱা ৰাইজে উক্ত বিষয়ৰ ওপৰত জিলা প্ৰশাসনৰ হস্তক্ষেপ বিচাৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in