এলাহাবাদৰ পিছত এইবাৰ সলনি হ’ল ফৈজাবাদৰ নাম

এলাহাবাদৰ পিছত এইবাৰ সলনি হ’ল ফৈজাবাদৰ নাম

ডিজিটেল ডেস্কঃ অযোধ্যাত মহা ধুমধামেৰে পালন কৰা হৈছে দীপাৱলী উৎসৱ। মঙলবাৰে সমগ্ৰ দেশৰ লগতে পোহৰেৰে উজলি উঠিছে অযোধ্যাও। বিশেষকৈ এইবাৰ অযোধ্যাৰ দীপাৱলী উৎসৱত উত্তৰ কোৰিয়াৰ ফাৰ্ষ্ট লেডী কিম জোং কুমৰ উপস্থিতিয়ে এক বিশেষ মাত্ৰা প্ৰদান কৰিছে। ইফালে দীপাৱলী উৎসৱত অংশ লৈ আজি উত্তৰ প্ৰদেশৰ বিজেপি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ঐতিহাসিক ফৈজাবাদ জিলাৰ নাম অযোধ্যা কৰাৰ আনুষ্ঠানিক ঘোষণা কৰে।

যোগী আদিত্যনাথে মঙলবাৰে তীৰ্থনগৰী অযোধ্যাত অনুষ্ঠিত দীপাৱলীৰ অনুষ্ঠানত অংশ লৈ কয় যে, অযোধ্যা কেৱল উত্তৰ প্ৰদেশৰে গৌৰৱ নহয়, এই ঐতিহাসিক চহৰখনক লৈ সমগ্ৰ দেশে গৌৰৱ কৰে। গতিকে এই গৌৰৱ অক্ষুণ্ন ৰখাৰ স্বাৰ্থত অযোধ্যাৰ সমীপৰ ফৈজাবাদ জিলাৰ নামো অযোধ্যাৰ নামেৰেই কৰাটো প্ৰয়োজন।

আনহাতে অযোধ্যাত স্থাপন হ'বলগীয়া চিকিৎসা মহাবিদ্যালয়খনৰ নাম ৰজা দশৰথৰ নামেৰে কৰা হ'ব বুলিও মন্তব্য কৰে যোগী আদিত্যনাথে। তদুপৰি প্ৰস্তাৱিত বিমান বন্দৰটোৰ নাম ভগৱান শ্ৰী ৰামৰ নামেৰে কৰাৰ বাবে চিন্তা কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে যিকোনো প্ৰকাৰে অযোধ্যাক বিশ্বৰ বুকুত জিলিকাই তোলা হ'ব বুলি মন্তব্য কৰে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে প্ৰসিদ্ধ চহৰ এলাহাবাদৰ নাম প্ৰয়াগৰাজ হিচাপে নামাৰকণ কৰিছিল। তদুপৰি তেওঁ মোগলচৰাই জংচনৰ নাম সলনি কৰি দীনদয়াল উপাধ্যায় হিচাপে নামাকৰণ কৰি যুক্তি দিছিল যে ভাৰতত কেৱল মোগলে শোষণ কৰিছিল। তেনে ক্ষেত্ৰত ভাৰতৰ কোনো চহৰ বা ঠাইৰ নামে মোগল সাম্ৰাজ্যক সোঁৱৰণ কৰা অনুচিত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in