নলবাৰীত নৱনিযুক্ত উপায়ুক্ত পূৰৱী কোঁৱৰৰ কাৰ্যভাৰ গ্ৰহণ…

নলবাৰীত নৱনিযুক্ত উপায়ুক্ত পূৰৱী কোঁৱৰৰ কাৰ্যভাৰ গ্ৰহণ…

ডিজিটেল সংবাদ, টিহু: অসম অসামৰিক সেৱাৰ ১৯৯২ বৰ্ষৰ বিষয়া পূৰৱী কোঁৱৰে ৬ জুলাইত নলবাৰী জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। কাৰ্যভাৰ গ্ৰহণ কৰা পাছত জিলাখনৰ সাংবাদিকসকলৰ সৈতে হোৱা বাৰ্তালাপত নৱ-নিযুক্ত উপায়ুক্ত গৰাকীয়ে ব্যক্ত কৰে যে- বিষয়া হিচাপে পুৰুষ বা মহিলা বুলি কামৰ কোনো পাৰ্থক্য নাথাকে। গতিকে এগৰাকী উপায়ুক্ত হিচাপে তেওঁ জিলাখনত কাম কৰি যাব ।

এই ক্ষেত্ৰত তেওঁ সাংবাদিক সকলৰ সহায়-সহযোগিতা পাব বুলি আশা প্ৰকাশ কৰে । পৰিচয় পৰ্বত উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে যে- ৰঙিয়াত তেওঁ চক্ৰ বিষয়া হিচাপে প্ৰথমে চৰকাৰী কৰ্মজীৱন আৰম্ভ কৰে আৰু তাৰ পাছত নিৰ্বাচনী বিষয়া, মহকুমাধিপতি, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া আদি পদবীত কাম কৰি এতিয়া নলবাৰী জিলাত উপায়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে । সন্ধিয়া উপায়ুক্ত পূৰৱী কোঁৱৰে শ্বহীদ মুকুন্দ কাকতী অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসালয়খনৰ চাফ–চিকুণতা আৰু কৰ'না ৰোগী চিকিৎসা কক্ষ পৰিদৰ্শন কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in