নলবাৰীৰ তিলানাত নামনি অসমৰ প্ৰথমটো আগৰ খেতি প্ৰকল্পৰ শুভাৰম্ভণী…

নলবাৰীৰ তিলানাত নামনি অসমৰ প্ৰথমটো আগৰ খেতি প্ৰকল্পৰ শুভাৰম্ভণী…

নামনি অসমত প্ৰথমবাৰৰ বাবে নলবাৰীৰ বাঁহজানীৰ তিলানাত এম জে আই গ্ৰুপৰ উদ্যোগত ব্যৱসায়িক ভিত্তিত বৃহস্পতিবাৰে আৰম্ভ কৰা হয় আগৰ খেতি প্ৰকল্প। এই প্ৰকল্পৰ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে সাঁচি ভেঁকুৰৰ উদ্ভাৱক জেহিৰুল ইছলাম।

ইছলামে ভাষণত কয় যে- এই প্ৰকল্প আৰম্ভ হোৱাৰ পাছত অসমত অবৈধভাৱে চলাই থকা আগৰ ব্যৱসায় সকলো বন্ধ হ'ব।আৰু ইয়াৰ পৰা আগমন হ'ব আগৰ খেতিয়কৰ ব্যৱসায়ীসকল। অসমত উৎপাদিত আগৰ তেলে সমগ্ৰ বিশ্বতে এক সুকীয়া স্থান দখল কৰাটো নিশ্চিত হ'ব বুলি মন্তব্য কৰিলে তেওঁ। অসম চৰকাৰৰ এনে সিদ্ধান্তৰ বাবে জেহিৰুল ইছলামে বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰে।

নলবাৰীৰ তিলানাৰ ঐতিহাসিক নবীন তামুলী কৃষিফাৰ্মত অনুষ্ঠিত জিলা উপায়ুক্তৰ ভাৰত ভূষণ দেৱ চৌধুৰীয়ে এতিয়া আগৰ গছ পুলি ৰোপন কৰি নামনি অসমত ব্যৱসায়িক ভিত্তিত আগৰ খেতিৰ প্ৰকল্পৰ তিলানাৰ পৰা শুভাৰম্ভ কৰে।

প্ৰকল্পটোৰ শুভাৰম্ভণী কৰি উপায়ুক্ত দেৱ চৌধুৰীয়ে নলবাৰীৰ বাবে আজিৰ দিনটো যোগান্তকাৰী দিন বুলি দোহাৰে। আৰু তেওঁ এম জে আই গ্ৰুপক ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানত নৰ্থ ইষ্ট কেন্সাৰ হাস্পতালৰ অধ্যক্ষ তথা সমাজসেৱক গণেশ তামুলীয়ে কয় যে- প্ৰত্যেক পৰিয়ালৰে কিছু হ'লেও ওখ মাটি আছে। সেই মাটিবোৰ এনে পেলাই নথৈ আগৰ খেতি কৰিলে যথেষ্ট লাভৱান হ'ব বুলি দোহাৰে।

অনুষ্ঠানত আই আই টিৰ বিজ্ঞানী লিংগৰাজ ছাহু, নলবাৰী জিলাৰ ছাত্ৰ সন্থাৰ সম্পাদক অক্ষয় ডেকা, ছাত্ৰ নেতা ৰুবুল বৰ্মন, অসমৰ যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিৰ সম্পাদক নিৰোদ দাস, নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি বিপিন চন্দ্ৰ কলিতা উপস্থিত থাকে। উপস্থিত সকলোৱে এম জে আই গ্ৰুপে লোৱা এই আগৰ খেতিৰ প্ৰকল্পটো ১০০শতাংশ সফল হোৱাৰ কামনা কৰে। অনুষ্ঠানটোৰ আঁত ধৰা এম জে আই গ্ৰুপৰ অধ্যক্ষগৰাকীয়ে তিলানা নবীন চন্দ্ৰ তামুলী কৃষি ফাৰ্মত প্ৰায় ২০০০ আগৰ গছৰ পুলি ৰোপন হ'ব বুলি জানিবলৈ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in