নলবাৰীৰ বালামুগকুছিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান, বাণিজ্যত সপ্তম স্থানপ্ৰাপ্ত প্ৰতিভাক সম্বৰ্ধনা

নলবাৰীৰ বালামুগকুছিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান, বাণিজ্যত সপ্তম স্থানপ্ৰাপ্ত প্ৰতিভাক সম্বৰ্ধনা

ডিজিটেল সংবাদ, নলবাৰীঃ সদ্য ফলাফল ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাণিজ্য শাখাত ৰাজ্যখনৰ ভিতৰতে সপ্তম স্থান লাভ কৰি নলবাৰী জিলালৈ গৌৰৱ কঢ়িয়াই অনা প্ৰতিভা বৈশ্যক বুধবাৰে আবেলি নিজ গাঁও বালামুগকুছিত বিপুলভাবে সম্বৰ্ধনা জনোৱা হয়। বালামুগকুছি গাঁও উন্নয়ন সমিতি আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বালামুগকুছি প্ৰাথমিক শাখাৰ উদ্যোগত স্থানীয় শ্ৰীমন্ত শংকৰদেৱ নামঘৰ প্ৰাংগনত এই উপলক্ষে অনুষ্ঠিত হয় গাম্ভীৰ্যপূৰ্ণ সম্বৰ্ধনা সভা।

সভাত নলবাৰী কমাৰ্ছ কলেজৰ পৰা পৰীক্ষা দি স্থান লাভ কৰিবলৈ সক্ষম হোৱা মেধাৱী ছাত্ৰী প্ৰতিভাক গামোছা, ফুলাম জাপি, অভিনন্দন পত্ৰ আৰু নগদ ধনেৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অজয় বৈশ্য আৰু দীপক বৈশ্যই আঁত ধৰা অনুষ্ঠানত কৃতী ছাত্ৰীগৰাকীক অন্যান্য অনুষ্ঠান আৰু কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়েও সম্বৰ্ধনা জনায়।

গাঁও উন্নয়ন সমিতিৰ সভাপতি হিতেশ বৈশ্যৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশিষ্ট সাহিত্যিক অশ্চিনী কুমাৰ শৰ্মা, কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন নেতা ধনেশ্বৰ শৰ্মা, অৱসৰপ্ৰাপ্ত শিক্ষক লোহিত চন্দ্ৰ ডেকা প্ৰমুখ্যে কেইবাগৰাকী ব্যক্তিয়ে মেধাৱী ছাত্ৰীগৰাকীক অভিনন্দন জনাই উদগনিমূলক ভাষণ দিয়ে।

অনুষ্ঠানত প্ৰতিভাৱান প্ৰতিভাৰ জন্মদাত্ৰী পিতৃ মাতৃ ক্ৰমে মধু বৈশ্য আৰু মঞ্জু বৈশ্যকো সম্বৰ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে আৰ্থিকভাবে অতি দুখীয়া পৰিয়ালৰ ছাত্ৰী প্ৰতিভাই নিজৰ মেধাৰে উজলি উঠাত আহ্লাদিত হৈ পৰিছে মুগকুছিসহ বৃহত্তৰ অঞ্চলটোৰ ৰাইজ। ইপিনে একেটা অনুষ্ঠানতে বালামুগকুছি প্ৰাথমিক বিদ্যালয়ৰ সদ্য অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অম্বুনাথ শৰ্মাকো বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in