নলবাৰীত ‘সাঁকো’ উন্মোচন কৰিলে বাইণ্ডাৰ ব্ৰজ কলিতাই…

নলবাৰীত ‘সাঁকো’ উন্মোচন কৰিলে বাইণ্ডাৰ ব্ৰজ কলিতাই…

ডিজিটেল সংবাদ, নলবাৰীঃ দিনে-নিশাই ছপাশালত ব্যস্ত থাকি সাধাৰণভাবে পৰিয়াল পোহপাল দি থকা এগৰাকী বাইণ্ডিং শিল্পীয়ে যোৱা নিশা নলবাৰীত উন্মোচন কৰিলে জনপ্ৰিয় প্ৰগতিশীল কাব্যলোচনী "সাঁকো"ৰ সপ্তম সংখ্যা। প্ৰতিষ্ঠিত কবি শান্তনু শৰ্মাৰ সম্পাদনাত প্ৰকাশ হৈ থকা "সাঁকো"ৰ সপ্তম সংখ্যাটো কালি নিশালৈ কাম কৰি বৰ কষ্টেৰে উলিয়াই দিছে ব্ৰজদা খ্যাত নলবাৰীৰ বাইণ্ডাৰজনে।

এই উন্মোচনী কার্যসূচীত সহযোগ কৰে সাঁকোৰ সম্পাদক শান্তনু শৰ্মা আৰু কবি সাংবাদিক মনোজ শৰ্মাই। ছপা বন্ধাৰ কুশলী শিল্পী ব্ৰজ কলিতা। ব্ৰজদাৰ হাতেৰে এই সংখ্যা সাঁকো অনামিকা নামৰ কিতাপ দোকানখনত নিশা মুকলি কৰা বিষয়টোৱে নলবাৰী বৌদ্ধিক মহলত চৰ্চা লাভ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in