নলবাৰী হৰিমন্দিৰত ২৩ নৱেম্বৰৰ পৰা ১৩দিনীয়া ৰাস মহোৎসৱ

নলবাৰী হৰিমন্দিৰত ২৩ নৱেম্বৰৰ পৰা ১৩দিনীয়া ৰাস মহোৎসৱ

ডিজিটেল সংবাদ, নলবাৰীঃ উত্তৰ-পূৱ ভাৰতৰ ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠানসমূহৰ অন্যতম ঐতিহ্যমণ্ডিত নলবাৰী শ্ৰীশ্ৰী হৰিমন্দিৰৰ ৮৫সংখ্যক ৰাস মহোৎসৱৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। অহা ২৩ নৱেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব এই ৰাস। বুধবাৰে সন্ধিয়া শ্ৰীশ্ৰী হৰিমন্দিৰ কাৰ্যালয়ত এখন সংবাদ মেল অনুষ্ঠিত হয়।

সংবাদ মেলত মহোৎসৱৰ সম্পাদক নগেন ডেকাই কয়- এইবেলি ৰাস মহোৎসৱটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। উদ্বোধনী অনুষ্ঠানত উদ্যোগ পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, গুৱাহাটী বশিষ্ঠৰ পঞ্চকন্যা ধামৰ গৰাকী ভৃগুগিৰি মহাৰাজ, সাংসদ ৰমেন ডেকা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকা উপস্থিত থকাৰ কথা।

উদ্বোধনী অনুষ্ঠানৰ পিচত অনুষ্ঠিত হ'বলগীয়া সাংস্কৃতিক সন্ধিয়াত মৎস্যগন্ধা সুৰ সমলয় গোষ্ঠী, ভাৰত চৰকাৰৰ গীত নাট বিভাগ আৰু নিশাৰাণী হালৈয়ে অনুষ্ঠান পৰিবেশন কৰিব। ভগৱান শ্ৰীকৃষ্ণৰ ৰাস ক্ৰীড়াক ৰাস মহোৎসৱ হিচাপে উদযাপন কৰি অহা পৰম্পৰাৰ ভিত্তিত এই মহোৎসৱ উদযাপন কৰা হ'ব। সেইমতে ৰামায়ণ-মহাভাৰত-পুৰাণৰ কাহিনীৰ আধাৰত প্ৰায় ৮০টা ষ্টলত মৃন্ময় মূৰ্তি সজোৱা হ'ব।

ইয়াৰে মূল মণ্ডপৰ লগতে কৃষ্ণৰ জন্ম, বকাসুৰ বধ, ব্ৰাহ্মণসকলৰ ৰাম কৃষ্ণক পূজা, কংস বধ, পাৰিজাত হৰণ, শ্ৰীকৃষ্ণৰ গোপী লীলা, দামোদৰ বিপ্ৰ, কৃষ্ণ ৰুক্মিণী আদি কেইবাটাও ষ্টল বিদ্যুৎ চালিত হ'ব। তদুপৰি লাচিত বৰফুকনকে ধৰি তিনিটা বৃহৎ মূৰ্তিৰ ষ্টল স্থাপন কৰি দৰ্শনাৰ্থীক আকৰ্ষণ কৰা হ'ব বুলি সংবাদ মেলত প্ৰকাশ কৰে।

হট এয়াৰ বেলুন, মিনা বজাৰ, যাদু, ১১খন থিয়েটাৰ, নাগাৰানাম আৰু ঢুলীয়া প্ৰতিযোগিতা, ওজাপালি, ধুবুৰীৰ সাংস্কৃতিক দলৰ বাউল সংগীত, বৰপেটাৰ দলৰ ভোৰতাল নৃত্য, মাজুলীৰ জীৱন্ত ৰাস আদি থাকিব মনোৰঞ্জনৰ সমল। ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি এখন গ্ৰন্থমেলাও অনুষ্ঠিত হ'ব।

২৪ নৱেম্বৰত আবেলি গ্ৰন্থমেলা উদ্বোধন কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ বিভাস চৌধুৰীয়ে। প্ৰতিদিনেই গ্ৰন্থমেলাথলীত বিভিন্ন প্ৰতিযোগিতা, সাংবাদিক, আৰক্ষী, চিকিৎসক, অধিবক্তা, লেখক-প্ৰকাশক, ক্ৰীড়াবিদৰ হিয়াৰ মেল অনুষ্ঠিত হ'ব। ২৯ নৱেম্বৰত পাঁচটা ভ্ৰাম্যমাণ নাট্য দলে নাট মেলিব। ৩০ নৱেম্বৰত আন দুটা দলে, ১ ডিচেম্বৰত দুটা দলে আৰু ২ ডিচেম্বৰত আন দুটা নাট্য দলে নাটৰ মঞ্চায়ন আৰম্ভ কৰিব।

৪ ডিচেম্বৰত দুপৰীয়া বাৰ বজাত গ্ৰন্থমেলাথলীৰ পৰা আৰম্ভ কৰিবলগীয়া গ্ৰন্থ শোভাযাত্ৰা উদ্বোধন কৰিব অসমীয়া প্ৰতিদিন'ৰ কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকাই। ৫ ডিচেম্বৰত ৰাস মহোৎসৱৰ সামৰণী অনুষ্ঠান। সেইদিনা সন্ধিয়া নলবাৰীৰ পৰা গৈ বৰ্তমান ৰাজ্যৰ বিভিন্ন বিশ্ববিদ্যালয়ত কৰ্মৰত পাঁচগৰাকী উপাচাৰ্যক সম্বৰ্ধনা জনোৱা হ'ব। নিশা সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় শিল্পী ৰাকেশ ৰিয়ানে গীত পৰিবেশন কৰিব। আজিৰ সংবাদ মেলত মহোৎসৱৰ সহকাৰী সম্পাদক নৰেশ্বৰ কলিতাও উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in