উদুলি-মুদুলি নলবাৰী ৰাস মহোৎসৱ…

উদুলি-মুদুলি নলবাৰী ৰাস মহোৎসৱ…

ডিজিটেল সংবাদ, নলবাৰীঃ ভক্তিৰস আৰু উৎসৱৰ ৰঙেৰে একাকাৰ হৈ পৰা নলবাৰী ৰাস মহোৎসৱত এতিয়া উদুলি মুদুলি পৰিবেশ। ঐতিহ্যমণ্ডিত নলবাৰী শ্ৰী শ্ৰী হৰিমন্দিৰত চলি থকা ৮৬ সংখ্যক ৰাস মহোৎসৱৰ শনিবাৰে পঞ্চম দিনা দৰ্শনাৰ্থীৰ সোঁত বৈছে ৰাস মহোৎসৱলৈ।ভগৱান শ্ৰীকৃষ্ণৰ ৰাস ক্ৰীড়াক ৰাস মহোৎসৱ হিচাপে উদযাপন কৰি অহাৰ পৰম্পৰাৰ ভিত্তিত এই মহোৎসৱ উদযাপন কৰা হৈছে।

নলবাৰীৰ ৰাস মহোৎসৱ মৃন্ময় মূৰ্তি প্ৰধান। সেইমতে ৰামায়ণ, মহাভাৰত, পুৰাণৰ কাহিনীৰ আধাৰত ৮২ টা ষ্টলত মৃন্ময় মূৰ্তি সজোৱা হৈছে। নলবাৰী শ্ৰী শ্ৰী হৰিমন্দিৰত ১৯৩৩ চনৰে পৰা নিৰৱচ্ছিন্নভাবে উদযাপিত হৈ আহিছে ৰাস মহোৎসৱ। হৰিমন্দিৰৰ সম্মুখত অভাৰব্ৰীজৰ অৰ্ধনিৰ্মিত খুঁটাত গীতাৰ জন্ম আৰু নৰসিংহৰ ৰূপ বিদ্যুত চালনাৰে প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। সেইদৰে ৰাসমেলাৰ প্ৰৱেশপথত ২০ ফুট দৈৰ্ঘৰ বিদ্যুৎ চালিত দুটা ডাইন'ছৰ দৰ্শনাৰ্থীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

আনন্দ মেলা, বাণিজ্য মেলা, চাৰ্কাছ আদিতো ভিৰ কৰিছে অসংখ্য ৰাসযাত্ৰীয়ে। নলবাৰী নগৰৰ প্ৰৱেশপথসমূহ বিদ্যুৎচালিত তোৰণেৰে উজলাই তোলা হৈছে। সমগ্র নলবাৰী চহৰৰ বাট পথ ভ্ৰাম্যমাণ থিয়েটাৰৰ হৰ্ডিং, ফ্লেক্স আদিৰে ৰংচঙীয়া হৈ উঠিছে।পৰ্যটন বিভাগেও কেইবাখনো তোৰণ দিছে। নলবাৰী ৰাসমহোৎসৱত পৰ্যটকৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ৰাস মহোৎসৱ সমিতিয়ে৷

ইপিনে, ৰাসমহোৎসৱৰ দিন কেইটাত নলবাৰী ৰে'ল ষ্টেচনত ৰাজধানী এক্সপ্ৰেছৰ বাহিৰে উজনি নামনিমুৱা প্ৰতিখন ৰে'ল গাড়ী দুই মিনিটকৈ ৰখাৰ বাবে ৰে'ল বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছে।নলবাৰী ৰাস মহোৎসৱত কালি নিশাৰে পৰা চলি আছে জীৱন্ত ৰাস। শনিবাৰে মাজুলীৰ গড়মূৰ সত্ৰৰ জীৱন্ত ৰাস প্ৰদৰ্শন কৰা হয়। নলবাৰীৰ ৰাস মানে হ'ল ভ্ৰাম্যমাণ থিয়েটাৰৰ অঘোষিত নাট্যযুদ্ধ।সেই অনুসৰি ৰাস মহোৎসৱৰ মাজতে ১৮ ৰ পৰা ২১ নবেম্বৰলৈ বৃন্দাবন থিয়েটাৰ, ১৯ ৰ পৰা ২৩ নবেম্বৰলৈ হেঙুল থিয়েটাৰ, ১৯ ৰ পৰা ২২ নবেম্বৰলৈ ৰাজতিলক থিয়েটাৰ,২০ ৰ পৰা ২৩ নবেম্বৰলৈ থিয়েটাৰ সূৰ্য,১৮ ৰ পৰা ২৩ নবেম্বৰলৈ ৰাজমুকুট থিয়েটাৰ, ১৯ ৰ পৰা ২৪ নবেম্বৰলৈ ইতিহাস থিয়েটাৰ আৰু ২১ ৰ পৰা ২৫ নবেম্বৰলৈ বৰদৈচিলা থিয়েটাৰে নাট প্ৰদৰ্শন কৰিব।

ৰাস মহোৎসৱত শুকুৰবাৰে সামৰণি পৰে সদৌ অসম ভিত্তিত নাগাৰা নাম প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত পলাশবাৰীৰ হেমন্ত কলিতাৰ দলে প্ৰথম,সন্ধাৰ শংকৰ মালাকাৰ ৰ দলে দ্বিতীয় আৰু পচলাগৰৰ ত্ৰৈলোক্য ডেকাৰ দলে তৃতীয় পুৰস্কাৰ লাভ কৰে। নলবাৰী ৰাস মহোৎসৱ উপলক্ষে বিগত তিনি বছৰত সফলতাৰে গ্ৰন্থমেলা অনুষ্ঠিত হোৱাৰ পিচত এইবাৰ চতুৰ্থবাৰৰ বাবে ৰাস মহোৎসৱৰ বাকৰিত গ্ৰন্থমেলা অনুষ্ঠিত হৈছে ৷

গ্ৰন্থমেলাত গ্ৰন্থকীটসকলে নিজৰ পচন্দৰ কিতাপ বিচাৰি ফুৰাৰ সমান্তৰালভাৱে মুকলি মঞ্চত চলি আছে বিভিন্ন অনুষ্ঠান।শনিবাৰে আবেলি গ্ৰন্থমেলাথলীত অনুষ্ঠিত হয় তৰ্ক প্ৰতিযোগিতা। সন্ধিয়া সাংবাদিকৰ হিয়াৰ মেল আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। ৰাস মহোৎসৱৰ সময়ত যাতে কোনো দুস্কৃতিকাৰীয়ে ব্যাঘাত জন্মাব নোৱাৰে তাৰ বাবে পৰ্যাপ্ত সংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন কৰাৰ লগতে ৰাস মহোৎসৱ পৰিচালনা সমিতিয়ে নিয়োগ কৰিছে পৰ্যপ্ত সংখ্যক স্বেচ্ছাসেৱক। তদুপৰি ৭০ টা চিচি টিভি কেমেৰাৰ ব্যৱস্থা কৰিছে৷ ইয়াৰে ৭ খন ভ্ৰাম্যমাণ থিয়েটাৰত দুটাকৈ ১৪ টা চিচি টিভি কেমেৰা থাকিব।

নলবাৰী ৰাসৰ বাবে অসম ৰাজ্যিক পৰিবহন নিগমে অহা ১৮ নবেম্বৰৰ পৰা বিশেষ বাছ সেৱাৰো ব্যৱস্থা কৰিছে। সেইমৰ্মে ধমধমা বাছষ্টেণ্ডৰ ওচৰত নলবাৰীৰ পৰা ধমধমা হৈ বাগানপাৰা , নলবাৰীৰ পৰা ঘগ্ৰাপাৰ হৈ কালাকুছি , নলবাৰীৰ পৰা ঘগ্ৰাপাৰ হৈ বাহাৰঘাটলৈ যোৱা বাছ দিয়া হ'ব । আনহাতে নলবাৰীৰ পৰা চামতা হৈ সৰ্থেবাৰীলৈ , নলবাৰীৰ পৰা নৰ্দ্দী হৈ কুমাৰীকাটা , নলবাৰীৰ পৰা জাগাৰা হৈ মুকালমুৱা , নলবাৰীৰ পৰা বিহামপুৰ হৈ ঠুটিকাটা , নলবাৰীৰ পৰা টিহু হৈ সৰ্থেবাৰীলৈ আৰু নলবাৰীৰ পৰা বৰমা হৈ মেৰকুছিলৈ বাছ পোৱা যাব নলবাৰী ছোৱালী হাইস্কুলৰ ওচৰত ।

তদুপৰি আই এছ বি টি বেটকুছি গুৱাহাটীৰ পৰা নলবাৰীলৈ ২ খন শীত তাপ নিয়ন্ত্ৰিত আৰু ২খন বিশেষ বাছ চলাচল কৰিব । গুৱাহাটীৰ পৰা অহা বাছ যাত্ৰীসকলক বাছ টিকটৰ লগত ১৮ নৱেম্বৰৰ পৰা ২২ নৱেম্বৰলৈ চলিবলগীয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ একোটা টিকটো পেকেজ হিচাপে দিয়া হ'ব । তদুপৰি বঙাইগাঁও আস্থানৰ পৰা অসম ৰাজ্যিক পৰিবহন নিগমৰ নলবাৰী বাছ আস্থানলৈ ২খন শীত তাপ নিয়ন্ত্ৰিত বাছ নিতৌ অহা যোৱা কৰিব । পৰ্যটন বিভাগে নলবাৰী নগৰৰ গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন বঙলাৰ ওচৰত,ভাৰতীয়া চিনেমা হলৰ ওচৰত আৰু ছহিদ মুকুন্দ কাকতি বাছ আস্থানৰ সমীপত ৰাসযাত্ৰীৰ সুবিধাৰ বাবে জিৰণি গৃহৰ ব্যৱস্থা কৰিছে।।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in