হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ নাবালিকাঃ দুঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ বলাৎকাৰী

হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ নাবালিকাঃ দুঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ বলাৎকাৰী

ডিজিটেল সংবাদ চেঙাঃ নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ এগৰাকী নাবালিকাক বলাৎকাৰ কৰি জংঘলত পেলাই থৈ যোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে বৰক্ষেত্ৰীত ৷ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত গোৰাক্ষাট্টাৰী গাঁৱৰ এক আওহতীয়া ঠাইত জংঘলৰ মাজত অৰ্ধ উলংগ নাবালিকা গৰাকীক হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ কৰে দৌলাশাল আৰক্ষীয়ে ৷ স্থানীয় লোকে সদৰি কৰামতে নাবালিকা গৰাকীক কোনো পাষণ্ডই যৌন নিৰ্যাতন কৰি হাত-ভৰি বান্ধি পেলাই থৈ যায় ।

চৰাঞ্চলৰ সংখ্যালঘু সম্প্ৰদায়ৰ এগৰাকী ছোৱালীক বলাৎকাৰ কৰি হিন্দু বসতি প্ৰধান গোৰাক্ষাট্টাৰী গাঁৱৰ জংঘলৰ মাজত পেলাই থৈ যোৱা ঘটনাই স্বাভাৱিকতে চৰ্চা লাভ কৰিছে অঞ্চলটোত ৷ শুকুৰবাৰে দুপৰীয়াৰ ভাগত জংঘলৰ মাজত নাবালিকা গৰাকীক হাত-ভৰি বান্ধি থোৱা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰি স্থানীয় গাঁওবুঢ়া আৰু দৌলাশাল আৰক্ষীক খবৰ দিয়ে ৷ ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত দৌলাশাল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজশ্ৰী বুঢ়াগোহাঁই উপস্থিত হৈ অৰ্ধ উলংগ অৱস্থাত নাবালিকা গৰাকীক হাত-ভৰি বান্ধি থোৱা অৱস্থাৰ পৰা উদ্ধাৰ কৰে ৷

পৰবৰ্তী সময়ত ঘটনাস্থলীত মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সীমান্ত বৰা উপস্থিত হৈ স্থানীয় লোকৰ পৰা ঘটনাৰ বুজ লৈ নাবালিকা গৰাকী বলাৎকাৰৰ চিকাৰ হোৱা বুলি নিশ্চিত হয় আৰু দৌলাশাল আৰক্ষীৰ সহযোগত ঘটনাৰ তদন্ত আৰম্ভ কৰে ৷ ধৰ্ষিতা নাবালিকাৰ ভাষ্য অনুসৰি দৌলাশাল আৰক্ষীয়ে ঘটনা সংঘটিত হোৱাৰ দুঘন্টাৰ ভিতৰতে বলাৎকাৰীটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ধৃত লম্পটো বৰক্ষেত্ৰীৰ ৩নং লাৰকুছি গাঁৱৰ ছেকেণ্ডাৰ আলীৰ কনিষ্ঠ পুত্ৰ আক্কাছ আলী(২৩) বুলি জানিব পৰা গৈছে। আনহাতে ধৰ্ষিতাৰ আত্মীয়ই ন্যায় বিচৰাৰ লগতে ধৰ্ষণকাৰীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ বাবে দৌলাশাল আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে ৷

দুঘন্টাৰ ভিতৰতে বলাৎকাৰীক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা দৌলাশাল আৰক্ষীয়ে সম্প্ৰতি জেৰা অব্যাহত ৰাখিছে । ধৃত আক্কাছ আলীয়ে বলাৎকাৰৰ সমগ্ৰ ঘটনা আৰক্ষীৰ আগত স্বীকাৰ কৰিছে বুলি জানিব পৰা গৈছে ৷ ইপিনে মুছলমান সম্প্ৰদায়ৰ নাবালিকা গৰাকীক বলাৎকাৰ কৰি গোৰাক্ষাট্টাৰী হিন্দু প্ৰধান অঞ্চলটোত পেলাই থৈ যোৱা ঘটনাটো সহজভাৱে ল'ব পৰা নাই স্থানীয় ৰাইজে ৷ অন্যহাতে তাৎক্ষণিক ভাৱে ঘটনাত জৰিত বলাৎকাৰীটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা দৌলাশাল আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজশ্ৰী বুঢ়াগোহাঁইক অঞ্চলটোৰ ৰাইজে প্ৰশংসা কৰি বলাৎকাৰীটোক উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in