চৰকাৰৰ অভিলাষী আঁচনিয়ে পোৱা নাই ঢুকি! নলবাৰীৰ ৰাতুলক লাগে সহায়….

চৰকাৰৰ অভিলাষী আঁচনিয়ে পোৱা নাই ঢুকি! নলবাৰীৰ ৰাতুলক লাগে সহায়….

ডিজিটেল সংবাদ, বৰনৰ্দ্দীঃ এফালে দীৰ্ঘদিনীয়া লকডাউন আনফালে আৰ্থিক দৈন্যতাৰ বাবে বিচনাতে চতফটাইছে এগৰাকী ৰোগীয়ে। এয়া নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কঞাকুছি গাওঁৰ ৰাতুল দাসৰ কৰুণ কাহিনী।

পৰিয়ালটোৰ একমাত্র উপাৰ্জনকাৰী ৰাতুলে অঞ্চলটোত মুৰি বিক্ৰী কৰি পৰিয়ালক ভৰণ পোষণ দি আহিছিল। কিন্তু হঠাতে হোৱা পেটৰ বিষৰ ফলত ৰাতুলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও কোনো সুফল নাপালে পৰিয়ালবৰ্গই।।স্বামীৰ চিকিৎসাৰ বাবে পত্নীয়ে কেইবাখনো চিকিৎসালয়ত চিকিৎসা কৰিছে যদিও আৰ্থিক অনাটনৰ বাবে চিকিৎসাৰ পৰা বঞ্চিত হব লগা হৈছে ৰাতুলে।

বৃক্ক ৰোগত আক্ৰান্ত হোৱাৰ পিছত ৰাতুলৰ পেট আৰু ভৰি ফুলি অন্য ৰূপ লৈছে।এতিয়া তলাবন্ধ (লকডাউন) ৰ বাৱে ভালদৰেই চিকিৎসা কৰিব পৰা নাই।উন্নত চিকিৎসাৰ বাৱে হাতত নাই ধন ।উল্লেখযোগ্য যে চৰকাৰৰ অভিলাষী আঁঁচনিও চুই যাৱ পৰা নাই পৰিয়ালটোক, লাভ কৰা নাই এটকাও।

ওচৰ চুবুৰীয়া চিকিৎসাৰ বাৱে সহায় কৰিছে যদিও ৰাতুল সম্পূৰ্ণক সুস্থ কৰি তুলিবলৈ লক্ষ্যধিক টকাৰ প্ৰয়োজন।।সেয়েহে দল তথা চৰকাৰক গাওঁৰ স্থানীয় লোকৰ লগতে পত্নী মণিকা দাসে সহায় বিচাৰি কাতৰ অনুৰোধ জনাইছে।আপুনি ও কিছু পৰিমাণে সহায়ৰ হাত আগবঢ়াওক মণিকা আৰু ৰাতুলৰ সুখৰ ঘৰখন জীয়াই ৰাখিবলৈ।পৰিয়ালটোক আপুনি সহায় কৰিব বিচাৰিলে অসম গ্ৰামীণ বিকাশ বেংকৰ, ঘগ্ৰাপাৰ শাখাৰ ৰাতুল দাসৰ নামত থকা এই নম্বৰত IFSC:UTBI0RRBAGB,AC: 7086862448 জৰিয়তে ধন প্ৰদান কৰিব পাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in