পুনৰ ‘কা’বিৰোধী আন্দোলনে কঁপালে নলবাৰী…

পুনৰ ‘কা’বিৰোধী আন্দোলনে কঁপালে নলবাৰী…

ডিজিটেল সংবাদ,নলবাৰীঃ পুনৰ 'কা'বিৰোধী আন্দোলনে কঁপালে নলবাৰী। আজি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত 'কা' অৰ্থাৎ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ আৰু ই আই এ ২০২০ৰ খচৰাৰ বিৰুদ্ধে নলবাৰী চহৰৰ পি এন চি পথৰ দুয়োকাষে বৃহৎ মানৱ শৃংখল কাৰ্যসূচীৰে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷

এই প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ,খিলঞ্জীয়া বিৰোধী বিজেপি চৰকাৰ হায় হায়, ই আই এ ২০২০ খচৰা বাতিল কৰক,"কা" খিলঞ্জীয়াই নামানে,কেন্দ্ৰীয় চৰকাৰ হায় হায়,প্ৰধানমন্ত্ৰী হায় হায়, জাতিদ্ৰোহী সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ, হিমন্তবিশ্ব শৰ্মা মুৰ্দাবাদ,নাগৰিকত্ব সংশোধনী আইন ২০১৯ অসমীয়াই নামানে ,সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা জিন্দাবাদ,জনবিৰোধী অসম চৰকাৰ হায় হায়,চন্দ্ৰমোহন পাটোৱাৰী হুঁচিয়য়াৰ,মোডী-সোণোৱাল হুঁচিয়াৰ,দিল্লী-দিছপুৰ হুঁচিয়াৰ, ই আই এ বাতিল কৰিব লাগিবই,খিলঞ্জীয়া জাগিছে আদি শ্ল'গানেৰে কেইবাশ ছাত্ৰ কৰ্মীয়ে উত্তাল কৰি তোলে নলবাৰী চহৰৰ পৰিবেশ।

প্ৰতিবাদী কাৰ্যসূচীত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক আৰু সাধাৰণ সম্পাদক অক্ষয় ডেকাই কয় যে সদৌ অসম ছাত্ৰ সন্থাই 'কা' কেতিয়াও মনা নাছিল আৰু ভৱিষ্যতেও নামানে ৷ অসমৰ খিলঞ্জীয়াৰ অধিকাৰৰ কথা কৈ মুখ্যমন্ত্ৰী হোৱা সোনোৱালে আজি দিল্লী আৰু আৰ এছ এছৰ ওচৰত বিক্ৰী গৈ জাতিটোক বিক্ৰী কৰিবলৈও কুন্ঠাবোধ কৰা নাই ৷ সদৌ অসম ছাত্ৰ সন্থাই তেওঁলোকৰ এই কু- অভিসন্ধিক কেতিয়াও বাস্তৱ হ'বলৈ নিদিয়ে ৷

তদুপৰি কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ে ই আই এ২০২০ ৰ দ্বাৰা সম্পদ লুন্ঠনৰ যি অভিপ্ৰায় হাতত লৈছে তাক সদৌ অসম ছাত্ৰ সন্থাই সৰ্বশক্তিৰে সদায় প্ৰতিহত কৰি যাব ৷ এই খচৰা আইনৰূপে গৃহীত হ'লে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে চিৰদিনৰ বাবে সম্পদৰ ওপৰত থকা অধিকাৰ হেৰুৱাব ৷ নিজৰ কন্ঠ হেৰুৱাব ৷ খিলঞ্জীয়া বিৰোধী প্ৰতিটো কামকে ছাত্র সন্থাই সদায় সৰ্বশক্তিৰে বিৰোধিতা কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলিও তেওঁলোকে দৃঢ়তাৰে কয় ৷

এই মানৱ শৃংখল কাৰ্যসূচীৰ যোগেদি ছাত্র সন্থাই ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক জনাই দিয়ে যে 'কা' আৰু ই আই এ ২০২০ বাতিল হ'বই লাগিব ৷ সদৌ অসম ছাত্ৰ সন্থাই খিলঞ্জীয়াবিৰোধী প্ৰতিটো পদক্ষেপক বলিষ্ঠভাৱে বাধা দি যাব বুলি নেতাদ্বয়ে সকীয়াই দিয়ে ৷ মানৱ শৃংখল কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক সাংগঠনিক সম্পাদক হিমান বৰ্মনে অশংগ্ৰহণ কৰি কয় যে সদৌ অসম ছাত্ৰ সন্থাৰ পৱিত্ৰ মজিয়াৰ পৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সকীয়াই দিছো আপুনি জাতিৰ পক্ষত থাকিব নে দিল্লী-নাগপুৰৰ ওচৰত জাতিটোক বিক্ৰী কৰিব সেয়া স্পষ্ট কৰক ৷

ৰাজপথৰ আন্দোলনেৰে অসমৰ জাতীয় নায়ক হোৱা সৰ্বানন্দ সোণোৱালক অসমৰ খিলঞ্জীয়া ৰাইজে কেতিয়াও ক্ষমা নকৰে বুলিও তেওঁ দোহাৰে। তেওঁ কয় যে জাতি- মাটি -ভেটিৰ শ্ল'গান দি ৰাজপাট দখল কৰা বিজেপি চৰকাৰৰ আজি যেন প্ৰতিটো সিদ্ধান্তই খিলঞ্জীয়াৰ বিৰুদ্ধে৷ তদুপৰি মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাকো সকীয়াই দি কয় যে সময় থাকোতে তেওঁ অসমৰ ৰাইজৰ পক্ষত থিয় দিয়ক ৷ আনহাতে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ভৱজিৎ বেজবৰুৱাই স্পষ্টভাবে কয় যে অসমৰ খিলঞ্জীয়া ৰাইজে কেতিয়াও 'কা' নামানে , কেতিয়াও দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ জীয়াই নাথাকে ৷ কাৰণ অসমীয়াৰ শৰীৰত লাচিতৰ তেজ আছে ৷

তেওঁ কয় যে অসমৰ ৰাইজক অন্ধকাৰত ৰাখি অসম বিৰোধী কাৰ্যকলাপত ব্যস্ত বৰ্তমানৰ অসম চৰকাৰ। দিল্লীৰ ওচৰত আঁঠু লোৱা অসম চৰকাৰে অসমৰ স্বাৰ্থত এটাও শব্দ প্ৰধানমন্ত্ৰীৰ আগত ক'ব নোৱাৰে। অসমৰ নেতা মন্ত্ৰীয়ে আমাৰ সমস্যাসমূহ জলাঞ্জলি দি অসমৰ সম্পদসমূহ কেন্দ্ৰক গতাই দিয়াৰ যি অভিসন্ধি ৰচিছে সেয়া ছাত্ৰ সন্থাই আৰু অসমক প্ৰকৃতভাবে ভাল পোৱা লোকে কেতিয়াও মানি নলয়।

লগতে ছাত্ৰ নেতাগৰাকীয়ে কয় যে পৰবৰ্তী সময়ত আন্দোলন অধিক তীব্ৰতৰ হ'ব আৰু অসমৰ ৰাইজে খিলঞ্জীয়াবিৰোধী প্ৰতিখন আইন ওফৰাই পেলাব। পৰবৰ্তী সময়ত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত কঠোৰ প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ব বুলিও হুংকাৰ দিয়ে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ভবজিৎ বেজবৰুৱাই।।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in