মূল্যবৃদ্ধিৰ প্ৰতিবাদ যুৱ ছাত্ৰৰঃ নলবাৰীত প্ৰধানমন্ত্ৰী-পেট্ৰ’লিয়াম মন্ত্ৰীৰ প্ৰতিকৃতি দাহ…

মূল্যবৃদ্ধিৰ প্ৰতিবাদ যুৱ ছাত্ৰৰঃ নলবাৰীত প্ৰধানমন্ত্ৰী-পেট্ৰ’লিয়াম মন্ত্ৰীৰ প্ৰতিকৃতি দাহ…

ডিজিটেল সংবাদ, নলবাৰীঃ পেট্ৰ'ল, ডিজেল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি অসম জাতীয়তাবাদী যুৱ- ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

দিনৰ ডেৰ বজাত নলবাৰী চহৰৰ এন.টি ৰোডত সংগঠনটোৰ বহুসংখ্যক কাৰ্যকৰ্তাই নৰেন্দ্ৰ মোডী হায় হায়, ধৰ্মেন্দ্ৰ প্ৰধান মুৰ্দাবাদ, খাৰুৱা তেলৰ মূল্যবৃদ্ধি হ্ৰাস কৰক, বিজেপি চৰকাৰ হুচিয়াৰ আদি শ্ল'গানেৰে পৰিবেশ উত্তাল কৰে।

যুৱ- ছাত্র পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ ক্ৰীড়া সম্পাদক ব্ৰজেন চৌধুৰী, সংগঠনটোৰ নলবাৰী জিলা সমিতিৰ উপদেষ্টা মৃণাল বৰ্মন, গৌতম কুমাৰ শৰ্মা, সভাপতি মনোৰাম কলিতা, সাঃসম্পাদক নিৰোদ দাসসহ জিলা আৰু আঞ্চলিক সমিতিসমূহৰ বিষয়-ববীয়াৰ উপস্থিতিত ৰূপায়িত হোৱা কাৰ্যসূচীৰে কোৰোনাজনিত লকডাউনৰ ফলত বিপৰ্যস্ত হোৱা জনসাধাৰণক ৰামটাঙোন সোধোৱা সিদ্ধান্তসমূহ বাতিল কৰি সাধাৰণ ৰাইজক সকাহ দিয়ালৈ চৰকাৰৰ ওচৰত দাবী জনায়।।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in