ভবিষ্যতে চিকিৎসক হোৱাৰ সপোন সপ্তম স্থানপ্ৰাপ্ত নলবাৰীৰ নিকিতাৰ

ভবিষ্যতে চিকিৎসক হোৱাৰ সপোন সপ্তম স্থানপ্ৰাপ্ত নলবাৰীৰ নিকিতাৰ

ডিজিটেল সংবাদ, নলবাৰীঃ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নলবাৰীৰ লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নিকিতা কলিতাই ৯৭.৮৩ শতংশ নম্বৰ লাভ কৰি সপ্তম স্থান দখলেৰে জিলাখনলৈ গৌৰব কঢ়িয়াই আনিবলৈ সক্ষম হয়। অসমীয়াত ৯৫, ইংৰাজীত ১০০, সাধাৰন গনিতত ১০০, সাধাৰণ বিজ্ঞানত ৯৭, সমাজ বিজ্ঞানত ৯৭, উচ্চ গনিতত ৯৮ নম্বৰ লাভ কৰি সৰ্বমুঠ ৫৮৭ নম্বৰ লাভ কৰে মেধাৱী ছাত্ৰীগৰাকীয়ে।

নলবাৰীৰ বিদ্যাপুৰ নিবাসী তথা বেংক কৰ্মচাৰী গোপাল কলিতা আৰু গীতা কলিতাৰ কনিষ্ঠা কন্যা নিকিতাই ভবিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ সপোন ৰাখি বৰ্তমানে তেওঁ  নলবাৰীতে  অধ্যয়ন কৰিব বুলি জনায়। দৈনিক ৮\৯ ঘন্টাকৈ অধ্যয়ণ কৰা নিকিতাই পিতৃ-মাতৃৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ পৰা প্ৰেৰণা লাভ কৰে বুলি জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in